P.K.Mahanta:গুপ্তহত্যাৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্লিনশ্বীট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

p kmahanta

P.K.Mahanta:

গুপ্তহত্যাৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্লিনশ্বীট দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে,গুপ্তহত্যাৰ গোচৰ সন্দৰ্ভত পূৰ্বে দিয়া ৰায়কে বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে।

মনকৰিবলগীয়া যে, বহুচৰ্চিত গুপ্তহত্যাৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া আয়োগক আসাংবিধানিক আখ্যা দিছিল নিম্ন আদালতে ৷ কিন্ত এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল প্ৰাক্তন সাংবাদিক তথা বৰ্তমানৰ সাংসদ অজিত কুমাা ভূঞা আৰু নিবন্ধকাৰ অনন্ত কলিতাই ৷

উচ্চ ন্যায়ালয়ে আবেদন গ্ৰহণ কৰি বহু কেইটা শুনানিৰ অন্তত মুখ্য ন্যায়াধীশৰে গঠিত বিচাৰপীঠে আজি গুপ্তহত্যাৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্লিনশ্বীট দি পূৰ্বে প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰি নিম্ন আদালতে দিয়া ৰায়কে বাহাল ৰাখি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।

আনহাতে ৰাজ্যৰ দুবাৰৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক উচ্চ ন্যায়ালয়ে ক্লিনশ্বীট দিয়া সন্দৰ্ভত মহন্তৰ পত্নী তথা প্ৰাক্তন সাংসদ ড:জয়শ্ৰী গোস্বামী মহন্তই কয়,’সত্যৰ সদায় জয়’। ন্যায়ালয় তথা ন্যায় ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰে ৷

Exit mobile version