Aps Officer:সা-সম্পত্তিৰ তথ্য দাখিলৰ পৰা বিৰত ৰাজ্যৰ তিনি শতাধিক আৰক্ষী বিষয়া

এপিএছসহ তলৰ পৰ্যায়ৰ বিষয়াৰ চৰকাৰী বিধি উলংঘা , 'স্বচ্ছতা'ৰ অংশীদাৰ নহয়

ASSAM POLICE

Aps Officer:

ৰাজ্যৰ আৰক্ষী ব্যৱস্থাটোক নিকা আৰু স্বচ্ছ কৰাৰ প্ৰশাসনীয় তৎপৰতাক ধোঁৱাচাঙত তুলিছে স্বয়ং আৰক্ষী বিষয়াই। অসম আৰক্ষীৰ সেৱা বিধিক অংগুষ্ঠ প্ৰদৰ্শন কৰা সেইসকল বিষয়াই আকৌ তলৰ পৰ্যায়ৰ আৰক্ষীক নৈতিকতাৰ পাঠ শিকোৱাটো বাতুলামিৰ বাদে আন একো নহয়।

শেহতীয়াকৈ এই বিষয়টো গৃহ বিভাগত চৰ্চালৈ অহাৰ অন্যতম কাৰণটো হ’ল এইবাৰ তিনি শতাধিক আৰক্ষী বিষয়াই চাকৰি বিধি আওকাণ কৰি সম্পত্তিৰ তথ্য দাখিল নকৰিলে । সেয়েহে সেইসকল বিষয়াই বক্ৰ পথেৰে সম্পত্তি আহৰণৰ সন্দেহ কৰা
হৈছে।

তেনে সম্পত্তিৰ তথ্য গাপ দিবলৈকে চৰকাৰী বিধিকো অংগুষ্ঠ দেখুৱাবলৈ সাহস কৰিছে বুলি গৃহ বিভাগত চৰ্চা চলিছে। অসম আৰক্ষী সেৱা (এপিএছ) আৰু তাৰ তলৰ পৰ্যায়ৰ বিষয়া এই নিয়মৰ আওতাত পৰে।

নিয়ম অনুসৰি, যোৱা ৩১ জানুৱাৰীৰ ভিতৰত পাৰ হোৱা বৰ্ষটোত সম্পত্তিৰ হিচাপ নিৰ্দিষ্ট প’ৰ্টেলত বিষয়াসকলে সন্নিবিষ্ট কৰিব লাগিছিল। দুই ধৰণে এই তথ্য সন্নিবিষ্ট কৰিব লাগে। সেই অনুসৰি প্ৰতিজন বিষয়াই স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তথ্য দাখিল কৰাটো বাধ্যতামূলক।

অন্যথা পদোন্নতি, ডেপুটেছনত নিযুক্তি, বেংকৰ ঋণ গ্রহণ, পাৰপত্ৰৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ সংগ্ৰহ, জ্যেষ্ঠতাৰ ভিত্তিত বিষয়াৰ তালিকা প্রস্তুত আদিত বাধাৰ সৃষ্টি হয় ৷ কিন্তু এইবোৰলৈও কেৰেপ নকৰি তিনি শতাধিক বিভিন্ন পৰ্যায়ৰ আৰক্ষী বিষয়াই এইবাৰ দাখিল নকৰিলে তেওঁলোকৰ সম্পত্তিৰ তথ্য।

এনে বৃহৎসংখ্যক আৰক্ষী বিষয়াই সম্পত্তিৰ তথ্য দাখিল নকৰা বিষয়টোক গুৰুত্বসহকাৰে লৈছে ৰাজ্য চৰকাৰে। বহু আৰক্ষীৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা, আৰক্ষীৰ ক্ষমতাৰে ধন-সম্পদ গোটোৱা আদি অভিযোগ একাংশ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হোৱাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে।

তেনে অভিযোগ উঠাৰ সুযোগ আৰক্ষীয়েই দিছে। এনে অভিযোগ উঠিব নোৱৰাৰ পৰিৱেশ সৃষ্টিৰ শ্ল’গান স্বয়ং মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শীৰ্ষ আৰক্ষীসকলে দি আহিছে। আৰক্ষীক কলংকমুক্ত কৰি ৰখাৰ আহ্বানো তেওঁলোকে জনাই আহিছে; কিন্তু এনে প্ৰচেষ্টাক মূল্যহীন কৰিছে বিষয়া পৰ্যায়ৰ বৃহৎসংখ্যক আৰক্ষীয়ে।

চৰকাৰী বিধি অনুসৰি অস্থাৱৰ সম্পত্তিৰ তথ্য আৰক্ষী বিষয়াই ৰাজহুৱা তথ্য ভাণ্ডাৰ, বিভাগীয় নির্দিষ্ট ৱেবছাইটত সন্নিবিষ্ট কৰিব লাগে। ইয়াৰ কাৰণ হ’ল যে যদি কোনো বিষয়াৰ সম্পত্তিৰ তথ্যৰ ওপৰত কাৰোবাৰ কিবা অভিযোগ থাকে সেয়া নিৰ্দিষ্ট স্থানত দাখিল কৰিব পাৰে।

আৰক্ষী প্ৰশাসন ব্যৱস্থাটোক নিকা কৰি ৰখাৰ অংশ হিচাপে এই নিয়ম ধাৰ্য কৰা হৈছিল। একাংশ আৰক্ষী বিষয়াই নিয়ম উলংঘা কৰাৰ অৰ্থ হ’ল তেওঁলোকে সেই স্বচ্ছতাৰ অংশ হ’ব নিবিচাৰে ৷

নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলোকে সম্পত্তিৰ তথ্য দাখিল কৰিবলৈ একাধিকবাৰ জাননী জাৰি কৰা হয়। সেই জাননীকো গুৰুত্বহীন কৰি থয় তিনি শতাধিক বিষয়াই।

Exit mobile version