Manipur Organization Protest :মণিপুৰৰ নাৰকীয় নাৰী নিৰ্যাতন-বলাৎকাৰৰ প্ৰতিবাদত বিক্ষোভ

women Protest

Manipur Organization Protest :

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু অসম মহিলা সংঘ, প্ৰগতিশীল নাৰী সন্থাকে ধৰি কেইবাটাও সংগঠনৰ নেত্ৰীস্থানীয় সদস্যৰ উপস্থিতিত আজি গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত মণিপুৰৰ নাৰকীয় নাৰী নিৰ্যাতন-বলাৎকাৰৰ ঘটনাৰ প্ৰতিবাদত এক বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়।

সভাত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী-সম্পাদক ক্ৰমে ডঃ স্বৰ্ণলতা দাস আৰু নিয়তি বৰ্মন, ৰাজ্যিক সদস্য সবিতা লহকৰ, অসম মহিলা সংঘৰ নেত্ৰী অসমী গগৈ, প্ৰগতিশীল নাৰী সন্থাৰ সুপৰ্ণা লাহিড়ী বৰুৱা আৰু গীতাঞ্জলি সোনোৱাল, গবেষক-লেখিকা সংহিতা বৰুৱা, লেখিকা সুচিত্ৰা ৰাভা সাহা, যুৱ নেত্ৰী আনোৱাৰা বেগম আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে তীব্ৰ ক্ষোভ উজাৰি ভাষণ দিয়ে।

ভাষণত প্ৰতিগৰাকী বক্তাই এনে নাৰকীয় ঘটনাৰ প্ৰতিবাদত নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৰে অংশ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি অৱস্থাৰ অধিক অৱনতি ঘটাৰ আগেয়ে সকলোকে সজাগ হ’বলৈ আহ্বান জনায়।

বক্তাসকলে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে শাসনাধিস্থিত ৰাজনৈতিক নেতৃত্বৰ নিৰ্লিপ্ত আৰু নিষ্ক্ৰিয় ভূমিকাৰ তীব্ৰ সমালোচনা কৰে আৰু দোষী ব্যক্তিৰ উপযুক্ত শাস্তিৰ দাবী কৰে। মণিপুৰৰ গৃহযদ্ধ সদৃশ পৰিবেশ সম্পৰ্কত ৭৭ দিন ধৰি মৌন হৈ থকা প্ৰধানমন্ত্ৰীৰ প্ৰতিও বিক্ষোভত উপস্থিত থকাসকলে ধিক্কাৰ জনায়।

চোৰাংচোৱাৰ ব্যৰ্থতা সম্পৰ্কত কেইবাজনো বক্তাই সন্দেহ ব্যক্ত কৰে। প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত উপস্থিত থকা প্ৰত্যেকেই অনাগত দিনত নাৰী নিৰ্যাতনৰ ভয়াবহতাৰ প্ৰতি সাধাৰণ ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আৰু প্ৰতিৰোধ সংগ্ৰামত অংশগ্ৰহণৰ আহ্বান জনাই বিভিন্ন শ্লোগানেৰে বিক্ষোভ থলী উত্তাল কৰি কৰ্মসূচীৰ অন্ত পেলায়।

Exit mobile version