APDCL New Rule:ঘৰ-সম্পত্তি মূল্যায়ন-এপিডিচিএলৰ নম্বৰ সংযুক্তকৰণ বাধ্যতামূলক হ’ল

কৰ সংগ্ৰহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ , বেআইনী বিদ্যুৎ সংযোগ বন্ধ সম্ভাৱনা ব্যক্ত বিভাগৰ

apdcl

APDCL New Rule:

ৰাজ্যৰ নগৰ অঞ্চলত বাস কৰা বিদ্যুৎ উপভোক্তাসকলে ঘৰৰ নম্বৰ, সম্পত্তি মূল্যায়ন নম্বৰ আৰু অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিডিএল)ৰ গ্ৰাহক নম্বৰ সংযুক্ত কৰাটো বাধ্যতামূলক কৰিলে ৰাজ্য চৰকাৰে ।

অসম ৰাজপত্রযোগে এই নিৰ্দেশনা জাৰি কৰা হৈছে। অৱশ্যে চৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থান, ষ্ট্ৰীট লাইট, কৃষি-জলসিঞ্চনৰ ব্যৱস্থা, এপার্টমেণ্টৰ সংযোগ অস্থায়ী সংযোগ আদিৰ ক্ষেত্ৰত এই নিৰ্দেশনা কার্যকৰী নহ’ব।

উল্লেখ্য যে ইয়াৰ দ্বাৰা এপিডিচিত্ৰলে বেআইনীভাৱে বিদ্যুৎ সংযোগ ব্যৱস্থাটো নোহোৱা কৰিব বিচৰা বুলি যুক্তি দাঙি ধৰিছে; কিন্তু এই প্ৰক্ৰিয়াৰ অন্তৰালত কৰ সংগ্ৰহ আৰু বৃদ্ধিৰ কৌশল নিহিত হৈ আছে ।

ব্যৱস্থাটোৰ বিৰোধিতা স্বয়ং অসম বিদ্যুৎ নিয়ামক আয়োগে কৰিছিল। অধিসূচনা জাৰি কৰা বিষয়টো যোৱা এপ্ৰিলতে ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলৈ বিচাৰিছিল; কিন্তু সেই সময়ত নিয়ামক আয়োগে এয়া অপ্রয়োজনীয় বিষয় বুলি নাকচ কৰিছিল।

বিদ্যুৎ আইনতো বিষয়টো নাই বুলি আয়োগে স্পষ্ট কৰিছিল। তাৰ ফলত চৰকাৰৰ তৎপৰতাত সেই সময়ত বন্ধ হয়; কিন্তু আশ্চর্যকভাৱে শেহতীয়াকৈ আয়োগে নম্বৰবোৰ সংযুক্ত কৰাৰ পক্ষে স্থিতি গ্ৰহণ কৰে।

ৰাজ্যৰ বিদ্যুৎ খণ্ডটোৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি, অধিসূচনা জাৰিৰ লগে লগে নতুন বিদ্যুৎ সংযোগৰ ক্ষেত্ৰতো ঘৰৰ নম্বৰ আৰু সম্পত্তি মূল্যায়ন নম্বৰ দাখিল বাধ্যতামূলক হ’ল। এই নম্বৰ বহু লোকৰে নাই ।

বিশেষকৈ বিভিন্ন কাৰণত চৰকাৰী ভূমিত বাস কৰা লোক, জনজাতীয় বহু লোক আদিৰ এনে নম্বৰ নাই। ইয়াৰ ফলত সেইসকল লোক এতিয়াৰ দৰে বিদ্যুৎ সংযোগ লাভৰ পৰা বঞ্চিত হ’ব। তেনে লোকসকলক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰাটোও হ’ব অতি সহজ। কাৰণ চৰকাৰে বহু স্থানত উচ্ছেদ কৰিব নোৱৰাৰ অন্যতম এটা কাৰণ হ’ল চৰকাৰী ভূমিত বাস কৰা লোকসকলৰ থকা বিদ্যুৎ সংযোগ

যিহেতু এইসকল লোকৰ ঘৰৰ নম্বৰ নাথাকে, গতিকে তেওঁলোকে নতুন নির্দেশনা অনুসৰি, এপিডিচিএলৰ সংযোগ নম্বৰ, ঘৰৰ নম্বৰ, সম্পত্তি মূল্যায়নৰ নম্বৰ সংযুক্ত কৰিব নোৱাৰিব। ফলত তেওঁলোকৰ বিদ্যুৎ সংযোগ কর্তন সহজ হ’ব। তদুপৰি সূত্ৰটোৱে উল্লেখ কৰে যে নতুন ব্যৱস্থাটোত সকলো তথ্য বিভাগবোৰত জমা হ’ব বাবে তাৰ আধাৰত পৌৰসভা, পৌৰ নিগম, নগৰ সমিতি আদিয়ে কৰ আৰোপ কৰাও সহজ হ’ব।

ৰাজ্য চৰকাৰে নগৰ অঞ্চলৰ সম্পত্তি মূল্যায়নৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ কৰিছে । এই প্ৰক্ৰিয়াত ঘৰৰ নম্বৰৰ সংখ্যা যথেষ্ট বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে। গতিকে ঘৰৰ নম্বৰ এপিডিচিএলৰ গ্ৰাহক নম্বৰৰ লগত সংযুক্ত কৰাৰ ফলত কৰ সংগ্ৰহৰ পৰিমাণো বৃদ্ধি হ’ব।

Exit mobile version