Motion Of No Confidence In lok sabha :মণিপুৰ সন্দৰ্ভত উত্তপ্ত দুই সদন

চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ দাখিল , সদনৰ বাহিৰত বিৰোধীৰ যৌথ সংগঠন ইণ্ডিয়াৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

india

Motion Of No Confidence In Lok Sabha:

পাৰ্বত্য ৰাজ্য মণিপুৰৰ জঘন্য ঘটনাক কেন্দ্ৰ কৰি ২০ জুলাইৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিৱেশনৰ যোৱা পাঁচটা দিন ধৰি দুয়োখন সংসদৰ কামকাজ ব্যাহত হোৱাৰ মাজতে কংগ্ৰেছে বুধবাৰে লোকসভাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে।

উল্লেখ্য যে,বিগত পাঁচটা দিন ধৰি মণিপুৰ কাণ্ডক লৈ সদনত অব্যাহত আছিল উত্তপ্ত পৰিস্থিতিৰ

২০ জুলাইৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে সদনত মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিবৃতি দাবী কৰিছিল ৷ আনহাতে শাসকীয় পক্ষই সদনত মণিপুৰ সম্পৰ্কত আলোচনাৰ বাবে চৰকাৰ সাজু বুলি উল্লেখ কৰি সদনত গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহেহে বিবৃত্তি প্ৰদান কৰিব ৷

কিন্ত আকোৰগোজ বিৰোধী পক্ষ ৷ মণিপুৰ কাণ্ডক লৈ চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবীত অটল হোৱাত বিগত পাঁচটা দিন সদনৰ কামকাজ একপ্ৰকাৰ ব্যাহত হৈ পৰে ৷ ইয়াৰ মাজতে বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে বিৰোধীয়ে।

উল্লেখ্য যে, সংসদৰ বিধি অনুসৰি লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ কমেও ৫০ জন সাংসদৰ প্ৰয়োজন। সেই অনুসৰি সদনৰ ৫১ শতাংশ সাংসদে অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে লগে লগে সংখ্যাগৰিষ্ঠতা হেৰুৱাৱ চৰকাৰে ৷ পদত্যাগ কৰিব লাগিব প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কেবিনেটে ৷

আজি কংগ্ৰেছ নেতৃত্বত বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা নাই । কাৰণ বিৰোধীৰ সাংসদৰ সংখ্যা পৰ্যাপ্ত নহয় ৷

তৎস্বত্বেও দেশবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বৰ বাবে মণিপুৰৰ শেহতীয়া জঘন্য কাণ্ডৰ বিৰুদ্ধে সৰব বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়া ৷

আনহাতে আজি সদনত কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উদ্থাপন কৰাৰ পাছতে শাসক আৰু বিৰোধীৰ মাজত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ চৰকাৰৰ হৈ আনকি জ্যেষ্ঠ কেবিনেট মন্ত্ৰী নিতিন গাডকাৰীয়ে সদনত বক্তব্য ৰাখিছিল যদিও কংগ্ৰেছ সহ বিৰোধী দল সমূহৰ সাংসদ সকল হাতত প্লেকাৰ্ড লৈ অধ্যক্ষৰ আসনৰ কাষলৈ আহি চৰকাৰ বিৰোধী শ্ল’গান দিয়ে ৷ একেদৰে বিজেপি সহ এন ডি এ সাংসদ সকলো যুযুধান স্থিতি লোৱাত অধ্যক্ষই সদনৰ কামকাজ স্থগিত ৰাখে ৷

ইয়াৰ পাছতে বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়াৰ বেনাৰত কংগ্ৰেছ সহ সকলো বিৰোধী সাংসদে সদনৰ বাহিৰত অৱস্থান কৰি মণিপুৰ কাণ্ডক লৈ চৰকাৰৰ আওকণীয়া মনোভাৱক ধিক্কাৰ দি বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে সংসদ চৌহদ ৷

শেহতীয়া খবৰ অনুসৰি,বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ লোকসভাৰ অধ্যক্ষ ওম প্ৰকাশ বিৰলাই গ্ৰহণ কৰিছে ৷ অনাস্থা সন্দৰ্ভত শীৰ্ঘেই অধ্যক্ষই দিনবাৰ ঘোষণা কৰিব প্ৰকাশ কৰে ৷

Exit mobile version