Umakanta Bairagi Passed Away:সংগীত নাটক একাডেমী বঁটা প্রাপক উমাকান্ত বৈৰাগীৰ দেহাৱসান

ৰাজ্যিক মৰ্যাদাৰে অন্তোষ্টিক্ৰিয়া সম্পন্ন হ'ব টোকাৰী গীতৰ সম্রাট গৰাকীৰ

umakanta bairagi pASSED aWAY

Umakanta Bairagi Passed Away:

অসমৰ লোক-সংস্কৃতি জগতৰ বৰেণ্য ব্যক্তিসত্তা টোকাৰী গীতৰ সম্রাট উমাকান্ত বৈৰাগীৰ দেহাৱসান । বুধবাৰে পুৱা ৭.১০ বজাত মহানগৰীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বৈৰাগীয়ে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ ৷

টোকাৰী গীতক এক নতুন মাত্ৰা প্ৰদান কৰা শিল্পীগৰাকী সৰুৰে পৰা ককাকৰ সান্নিধ্য লাভ কৰি  টোকাৰী গীত আৰু দোতোৰাৰ প্ৰতি আকৃষ্ট হৈছিল ৷ আনকি সংগীতৰ বাবেই ভাৰতীয় সেনাত যোগদানৰ বাবে অহা আমন্ত্ৰণকো প্ৰত্যাখ্যান কৰিছিল ৷ পৰৱৰ্তী সময়ত ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বৈৰাগীক নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিয়ে।

টোকাৰী গীতক নতুন মাত্ৰা প্ৰদান কৰি আজন্ম শিল্পী গৰাকীয়ে কেইবা দশক ধৰি টোকাৰী গীত গাই অসমীয়া লোক-সংকৃতিৰ পথাৰ খন সমৃদ্ধ কৰি তুলিছিল ৷ যাৰবাবে ভাৰত চৰকাৰে প্ৰথিতযশা শিল্পী গৰাকীক ২০১৩-১৪ বৰ্ষত সংগীত নাটক একাডেমী সন্মানিত কৰে ৷ একেদৰে উমাকান্ত বৈৰাগীয়ে ড০ ভূপেন হাজৰিকা সংহতি বঁটা,প্রতিমা পাণ্ডে বঁটাও লাভ কৰিছিল ৷ অসমীয়া লোক-সংকৃতি ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অফুৰন্ত বৰঙনিৰ বাবে ১৯৭১ত ডিব্রুগড় অনাতাঁৰ কেন্দ্রই প্রদান কৰিছিল বৈৰাগী উপাধি।

বৰেণ্য শিল্পী গৰাকীৰ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ ৰাজ্য খনত ৷ আনহাতে ৰাজ্য চৰকাৰে লোক সংস্কৃতিৰ সাধক গৰাকীৰ অন্তোষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে কৰাৰ কথা ঘোষণা কৰি ইয়াৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনক যাবতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই লোক সংস্কৃতিৰ সাধক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক শোকবাৰ্তাত উল্লেখ কৰে যে অসমৰ লোক-সংস্কৃতি জগতৰ বৰেণ্য ব্যক্তিসত্তা পৰম শ্ৰদ্ধাৰ উমাকান্ত বৈৰাগীৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক মৰ্মাহত কৰি তুলিছে।

অসমৰ বৰ্ণিল কলা-সংস্কৃতিৰ অভিন্ন অংগ টোকাৰী গীতৰ ভঁৰাল চহকী কৰি অনবদ্য সৃষ্টিৰাজিৰে সহস্ৰজনক মোহাচ্ছন্ন কৰা বৈৰাগীদেৱৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

Exit mobile version