Meghalaya Also Demands Sonapur-Chandrapur:সীমা বিবাদ মীমাংসাৰ তৎপৰতাৰ মাজতে আমচাং অভয়াৰণ্য-চন্দ্ৰপুৰলৈ নিজৰ অঞ্চল বুলি দাবী

সোণাপুৰ-চন্দ্ৰপুৰো দাবী মেঘালয়ৰ ,চুবুৰীয়া ৰাজ্যৰ পশ্চিম ডিমৰীয়াৰ বিবদমান অঞ্চলক লৈ মতবিৰোধৰ সৃষ্টি

meghalaya secr

Meghalaya Also Demands Sonapur-Chandrapur:

মেঘালয়ৰ লগত অসমৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে দুয়োখন ৰাজ্যই আলোচনাত মিলিত হৈ অহাৰ সময়তে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ বৃহৎ অঞ্চল নিজৰ বুলি দাবী কৰিছে চুবুৰীয়া ৰাজ্যখনে। সীমা সমস্যাৰ সমাধান সূত্ৰ উলিয়াবলৈ গঠন কৰা দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ বৈঠকতে মেঘালয়ৰ আঞ্চলিক সমিতিয়ে সজোৰে এই দাবী উত্থাপন কৰাক লৈ দুয়ো ৰাজ্যৰ মাজত মত-বিৰোধ আৰম্ভ হৈছে বুলি উচ্চস্তৰীয় চৰকাৰী সূত্ৰই প্ৰকাশ দুয়োখন চৰকাৰে আলোচনা অব্যাহত ৰাখিছে।

ইয়াৰে খান্দুলি পিআৰচি প্ৰথম আৰু দ্বিতীয় খণ্ডত শীঘ্ৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ স্থানীয় লোকৰ স’তে মত-বিনিময় কৰি সমস্যা সমাধানৰ চেষ্টা কৰিব; কিন্তু এই ছটা বিবদমান অঞ্চলৰ ভিতৰত সম্প্ৰতি পশ্চিম ডিমৰীয়া বিবদমান অঞ্চলক লৈ দুয়োখন ৰাজ্যৰ মাজত টনা-আঁজোৰাৰ সৃষ্টি হৈছে।

সংশ্লিষ্ট প্ৰক্ৰিয়াৰে জড়িত শীর্ষ চৰকাৰী সূত্ৰই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে গোটেই সোণাপুৰ খন মেঘালয়ে নিজৰ বুলি দাবী কৰিছে। সোণাপুৰ পাহাৰটোও বিচাৰিছে। মেঘালয়ৰ তালিকাত আমচাং অভয়াৰণ্য আৰু চন্দ্ৰপুৰৰ এটা অংশ অন্তর্ভুক্ত আছে।

এই মাটি মেঘালয়ে নিজৰ বুলি সজোৰে দাবী কৰি আহিছে আৰু মেঘালয় নিজৰ দাবীত অটল বুলি সূত্ৰটোৱে কয়। ফলত এই বিবদমান অঞ্চলক লৈ অসম চৰকাৰ সমস্যাত পৰিছে; কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ বহু কিলোমিটাৰ ভিতৰলৈকে এই মাটি মেঘালয়ে নিজৰ বুলি দাবী কৰিছে।

সমান্তৰালভাৱে অসমৰ সমিতিয়েও এই মাটি কোনোপধ্যে এৰি দিয়া নহয় বুলি যুক্তি দর্শাই আহিছে যদিও মেঘালয়ৰ তুলনাত অসমৰ যুক্তি শক্তিশালী নহয় বুলি অভিযোগ উঠিছে। ফলত সোণাপুৰৰ বৃহৎ অংশ মেঘালয়ক এৰি দিব লাগিব নেকি এই লৈ স্বয়ং চৰকাৰী পক্ষই শংকা প্রকাশ কৰিছে।

আনহাতে, আন এটা বিবদমান অঞ্চল খান্দুলি পিচিআৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ সমস্যা সমাধানৰ লক্ষ্যৰে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সেই অঞ্চল পৰিদৰ্শন কৰিব। চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি, খান্দুলি পিচিআৰত বিশেষকৈ খাচী, পানাৰ, কাৰ্বি, নেপালী আদি জনগোষ্ঠীৰ লোকে বাস কৰে।

ইয়াতে খাচীসকল অসমত সোমাই আছে, কাৰ্বিসকল মেঘালয়ত সোমাই আছে। ফলত এঁকা-বেঁকা কৰি এতিয়া সীমা নির্ধাৰণ কৰি থকা হৈছে বুলি চৰকাৰী সূত্ৰই সদৰী কৰি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সংশ্লিষ্ট অঞ্চলৰ বিবাদ নিষ্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।

উল্লেখ্য যে অসম আৰু মেঘালয়ৰ মাজত মুঠ ৮৮৪ কিলোমিটাৰ সীমাৰ ১২টা বিবদমান অঞ্চলৰ ভিতৰত ছটাৰ বিবাদ নিষ্পত্তিৰ বাবে ইতিমধ্যে দুয়োখন ৰাজ্যই বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই ছটা অঞ্চলৰ মুঠ ৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমিৰ ভিতৰত অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ৰাখি বাকী ১৮.২৮ বর্গ কিলোমিটাৰ মেঘালয়ক এৰি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

তাৰ মাজত আন ছটা বিবদমান অঞ্চলৰ আলোচনা অব্যাহত আছে আৰু এই ছটা অঞ্চলৰ বৃহৎ ভূমি অসমে মেঘালয়ক এৰি দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত মুখ বন্ধ ৰাখিছে সংশ্লিষ্ট বিভাগে।

Exit mobile version