Guwahati Dist Cong Protest:দাম বৃদ্ধিৰ বিৰোধিতাৰে মহানগৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

congress protest

Guwahati Dist Cong Protest:

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আৰু শিশু খাদ্যৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে জনতাক কোঙা কৰি জীৱন ধাৰণত ব্যাঘাত ঘটোৱাৰ প্ৰতিবাদত সোমবাৰে গুৱাহাটী জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এক জংগী প্ৰতিবাদ সমদল বাহিৰ কৰি মহানগৰীৰ হেঙেৰাবাৰীস্থ কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়লৰ সন্মুখত অৱস্থান কৰি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি নৱ তালুকদাৰৰ নেতৃত্বত বিক্ষোভকাৰী কংগ্ৰেছী সকলে বহুসময় ধৰি পৰিবেশ উত্তাল কৰাৰ লগতে প্ৰতিবাদৰ পাছতে প্ৰতিবাদ কাৰী সকলে জিলা আয়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

সমদলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰ সহ গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি নৱ তালুকদাৰ সামগ্ৰীৰ দাম হ্ৰাস কৰিবলৈ  চৰকাৰৰ ওচৰত দাবী কৰাৰ লগতে সঘনাই দৈনন্দিন ব্যৱহাৰ্য্য খাদ্য সামগ্ৰী,ঔষধ আৰু নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধিৰে চৰকাৰে ৰাইজৰ ওপৰত বাৰেপতি মাধমাৰ সোধাই আহিছে বুলি মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে ৰাইজক সৱল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাই ৷

Exit mobile version