Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Laika-Dadhia :লাইকা-দধিয়া : য’ত চকুপানী নীৰৱে বিলীন হয় মহাবাহুত

নেতাৰ লুডু গুটিত পৰিণত ১৪৮০ জনজাতীয় পৰিয়াল, ১৯৫০ৰ ভূমিকম্পই কৰি গ'ল চিৰ অঘৰী সুদীৰ্ঘ ৭০ বছৰে নাপালে পুনসংস্থাপন, অভয়াৰণ্যত বন্যপ্ৰাণীৰ স'তে সহাৱস্থানত পাৰ কৰিছে জীৱন

publisher by publisher
July 31, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Laika-Dadhia :লাইকা-দধিয়া : য’ত চকুপানী নীৰৱে বিলীন হয় মহাবাহুত
3
SHARES
34
VIEWS
ShareShareShareShare

Laika-Dadhia :

লাইকা আৰু দধিয়া। বহুতৰ বাবে হয়তো নামটো পৰিচিত। অৱশ্যে অসমৰ পাঁচশৰো অধিক বনগাঁও সমূহৰ অন্যতম লাইকা আৰু দধিয়াৰ বিষয়ে কোনোদিন নুশুনা, নজনা মানুহৰ সংখ্যাও কিন্তু কম নহ’ব । জনাসকলৰ মাজৰ পৰাও বহু এনে ব্যক্তি ওলাব যিয়ে কেবল শুনিছেহে কিন্তু কোনোদিন গৈ পোৱা নাই ৷

ADVERTISEMENT

স্বাভাৱিকতে এনেবোৰ কাৰণত লাইকা আৰু দধিয়াবাসীয়ে যুগ যুগ ধৰি সন্মুখীন হৈ অহা অমানৱীয় শোষণ, বঞ্চনা আৰু দমনৰ বিষয়বোৰে কোনোদিনে সচেতন সমাজৰ মাজত আলোচনাৰ বিষয় হিচাপে স্থান নাপায়। ফলস্বৰূপে, আধুনিক পৃথিৱীৰ পৰা গণ-বিচ্ছিন্ন হৈ আৰু প্ৰকৃতিৰ নিষ্ঠুৰতাৰ মাজত নিজকে আবদ্ধ কৰি নীৰৱে চকুপানী ঢুকিয়েই হৈ পৰে লাইকা-দধিয়াবাসীয়ে পাৰ কৰিছে জীৱন।

RelatedPosts

Rehabilitation of Assam’s Elephant Joimala :অসমৰ হাতী জয়মালাক তাৎক্ষণিক পুনৰ্সংস্থাপনৰ আহ্বান ৫০জনৰো অধিক পশু চিকিৎসকৰ

Paribartan: স্বেচ্ছাসেৱী অনুষ্ঠান “পৰিবৰ্তন” আৰু “উল্লাস”ৰ উদ্যোগত গুৱাহাটীৰ পদপথৰ দৰিদ্ৰ লোকক  আহাৰ যোগান কাৰ্য্যসুচী

প্ৰতিবাদী লাইকা দধীয়াবাসীৰ কাষত উপস্থিত মন্ত্ৰী যোগেন মহন

লাইকা আৰু দধিয়ালৈ যাওঁ বুলি গৈ পোৱাটোও সহজ নহয় । এবাৰ গৈ ঘুৰি অহা জনে দুনাই যাব বুলি ভবাটোও সাগৰ সিঁচিব বুলি কল্পনা কৰাৰ দৰেই কঠিন হ’ব যেনেই অনুমান হয় আৰু এনে এক ভৌগোলিক পৰিবেশৰ মাজতেই জীৱন সংগ্রাম চলাই আছে ১৪শতকৈ অধিক জনজাতীয় পৰিয়ালে। পূর্বে অৰুণাচল প্রদেশৰ লুইত, পশ্চিমে বগীবিল, উত্তৰে ধেমাজি জিলাৰ জোনাই আৰু দক্ষিণে তিনিচুকীয়া চহৰ।

তাৰ ঠিক সোঁমাজত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য। ১৯৯৯৩ ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰা অসমৰ একমাত্র দ্বীপ অভয়াৰণ্য এই ডিব্ৰু ছৈখোৱাৰ গভীৰ অৰণ্যৰ মাজতেই বন্যপ্রাণীর স’তে সহাৱস্থান কৰি যোৱা সাতটা দশক নীৰৱে পাৰ কৰিলে লাইকা আৰু দধিয়াৰ ১,৪৮০ টা জনজাতীয় পৰিয়ালে। ১৯৫০ৰ প্ৰলয়ংকাৰী ভূমিকম্পই লাইকা আৰু দধিয়াবাসীক কৰি থৈ গ’ল চিৰ অঘৰী, কাঢ়ি লৈ গ’ল অধিকাৰ, পৰিচয় সকলো। দশকৰ পাছত দশক ধৰি ৰাজনৈতিক নেতাই দিয়া আভুৱা ভাৰা প্ৰতিশ্ৰুতিৰ ফলত আজীৱন হৈ থাকিল শোষিত, নিষ্পেষিত আৰু বঞ্চিত। মৰুভূমিৰ মৰীচিকা হৈ ৰ’ল পুনৰসংস্থাপনৰ প্ৰসংগ। তেনেকৈয়ে পাৰ হৈ গৈ থাকিল দিন, মাহ, বছৰ, দশক।

লাইকা তিনিচুকীয়া জিলাৰ অন্তৰ্গত যদিও প্রশাসনিকভাবে দধিয়া ডিব্ৰুগড় জিলাৰ অধীন। দুয়োখন গাঁও চাবুৱা বিধানসভা সমষ্টি আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। আচলতে বৃহত্তর লাইকা অঞ্চলৰ অধীনত বিকৰী, পমুৱা আৰু পাছিদিয়া খ্যাত তিনিখন গাঁও অন্তর্ভুক্ত। তেনেকৈ বৃহত্তৰ দথিয়া অঞ্চলৰ অধীনত টেঙাবাৰী, কুলি, চাৰিসুঁতি আৰু মাহমৰা, এই চাৰিখন গাঁও অন্তর্ভুক্ত হৈ আছে।

সেয়েহে লাইকা আৰু দধিয়া বুলি ক’লে সাতখন বনগাঁৱৰ এক জনবহুল বাসস্থান অভয়াৰণ্যখনৰ ছৈখোৱা ৰেছৰ ঠিক মুৰতেই চুবুৰীয়া অৰুণাচল প্ৰদেশৰ চিয়াং, লুইত আৰু কুণ্ডীল নদীয়ে মহাবাহু ব্ৰহ্মপুত্ৰলৈ ৰূপান্তৰ ঘটিছে । অর্থাৎ তিনি ওখন নদীৰ সংগমস্থল। গতিকে স্বভাবিকতে ব্রহ্মপুত্রই গতি সলায়।

ফেনে-ফোটোকাৰে গৰজি উঠে। নতুন নতুন সুঁতিৰ সৃষ্টি কৰে। তীব্ৰতৰ কৰে দুয়োপােৰ খহনীয়া। প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰে ভুটভুটি আৰু হাত নাৱৰ চলাচল। ফলস্বৰূপে বানিয়া লাইকা-দধিয়াবাসী একপ্রকাৰ গণবিচ্ছিন্ন হৈ পৰে। তিনিচুকীয়া জিলাৰ দাঁতি- কাষৰীয়া ওইজান ঘাটৰ পৰা লাইকা দধিয়ালৈ হাত নাৱৰে গ’লে দিনটোৰ বাট। ভুটভুটি লৈ গ’লে চাৰি ঘণ্টা সময় লাগে। তদুপৰি বাৰিষা নাৱৰ যাতায়াত অত্যন্ত বিপজ্জনক।

বহু সময়ত জিলা প্রশাসনেও বাধা নিষেধ আরোপ কৰে। খৰালিৰ সময়ত যে যাতায়াত খুব সুচল হয় তেনে নহয়। খৰালিত পানী শুকাই বালি চাপৰিৰ সৃষ্টি হোৱা হেতুকে কেধাকিলোমিটাৰ বাট খোজ কাঢ়িয়েই অহা-যোৱা কৰিবলগীয়া হয়। গতিকে বছৰৰ ১২ মাহে দুর্গম হৈ পৰে যাতায়াত, দুর্বিষহ হৈ পৰে জনজীৱন।

১৯৫০ৰ বৰভূঁইকঁপৰ ফলত অঘৰী হৈ পৰা বহু পৰিয়াল বৰ্তমানৰ ধেমাজি জিলাৰ অন্তৰ্গত লালী, চিমেন চাপৰি, জোনাই চিচিবৰগাঁও আদি অঞ্চলৰ পৰা পৰৱৰ্তী সময়ত ডিব্ৰু ছৈখোৱাৰ লাইকা আৰু দধিয়ালৈ প্ৰব্ৰজন কৰে। লাইকা পাছিদিয়াৰ গাঁওবুঢ়া টংকেশ্বৰ ডাটেই “দৈনিক অগ্ৰদূত ৰ আগত প্ৰকাশ কৰা অনুসৰি, ১৯৫১-৫২ত প্ৰব্ৰজন কৰি লাইকাত বাস কৰা ৭৫ টা পৰিয়াল আৰু দধিয়াত বাস কৰা ১৯টা পৰিয়ালক ১৯৫৫ত অসম চৰকাৰে আবাসী  হিচাপে ঘোষণা কৰে আৰু সমান্তৰালভাৱে লাইকা আৰু দধিয়াই বনগাঁও হিচাপে স্বীকৃতি লাভ কৰে। তদুপৰি অসম চৰকাৰৰ বন বিভাগে লাইকা আৰু দধিয়াৰ বাসিন্দাক ১৯৬০ৰ পাছৰ পৰা ‘গেভাৰী’ খাটিবলৈও অনুমতি প্ৰদান কৰে। সম্প্ৰতি সেই ১৫টা পৰিয়ালৰ মাজৰ পৰাই জনসংখ্যা বৃদ্ধি হৈ মুঠ ১৪শতকৈ অধিক পৰিয়াল হ’ল।

যোৱা ২০১৮ত অসম চৰকাৰৰ বন বিভাগে জিপিআৰ এছৰ জৰিয়তে চলোৱা এক জৰীপৰ সময়ত বৃহত্তৰ লাইকা অঞ্চলত ৫৭২টা আৰু দধিয়া অঞ্চলত মুঠ ১০৮টা পৰিয়ালৰ বাসস্থান থকা বুলি প্ৰকাশ কৰে যদিও উক্ত জৰীপৰ সময়ত কমেও ১৩৫টা পৰিয়াল বাদ পৰিল বুলি স্থানীয় বাসিন্দাই ‘দৈনিক অগ্ৰদূত’ৰ আগত ক্ষোভ প্রকাশ কৰে। অসম চৰকাৰৰ ভোটাৰ তালিকা অনুসৰি বৰ্তমান উপযুক্ত ভোটাৰৰ সংখ্যা লাইকা অঞ্চলত ১৯শ আৰু দধিয়াত ২১শ ।

সৰ্বমুঠ চাৰি হেজাৰ। লাইকা নিকৰী গাঁৱৰ গাঁওবুঢ়া ধীৰাজ মৰাতে দৈনিক অগ্রদুত ‘ক কয়, ‘বৃহত্তৰ লাইকা আৰু পৰিয়াবাসীয়ে স্বইচ্ছাই ডি- ছৈখোৱা ত্যাগ কৰিবৰ মন। পিছে যাম কলৈ ১৯৫০ৰ পৰা আমাৰ পিতৃ-পুৰুষে পুনসংস্থাপন বিচাৰি বিমুখ হৈ সংসাৰ ত্যাগ কৰিলে। এতিয়া আমিও একেখন নারবে যাত্রী। আমাক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা নাই।

এনেকুৱা লাগিছে যেন মানুহৰ লগত আমাৰ কোনো সম্পর্ক নাই। পানীয়ে আমাক সৃষ্টি কৰিছে, আৰু আমাক পানীয়েই বিনাশ কৰিব । উল্লেখ্য যে ১৯৫০ৰ পৰা আজি পর্যন্ত বানপানীৰ ফলত লাইকা দধিয়াবাসীয়ে ডিব্ৰু ছৈখোৱাৰ গভীৰ অৰণ্যৰ মাজত
চকৰি ঘূৰাদি ঘুৰি বছৰে বছৰে বাসস্থান সলনি কৰি আহিছে।

প্ৰত্যেক বছৰে বানপানী আৰু গৰাখহনীয়াৰ পৰা আত্মৰক্ষাৰ উদ্দেশ্যে অভয়াৰণ্য ধ্বংস কৰি নতুন নতুন ঘৰ সাজি গাঁও পাতিবলৈ বাধ্য হৈছে। ফলত মানুহ আৰু প্ৰকৃতি, ঘৰচীয়া আৰু বন্যপ্রাণীৰ সংঘাতে চূড়ান্ত ৰূপ লোৱা দেখা গৈছে।

তিনিচুকীয়াৰ স্থানীয় পৰিবেশ কর্মী নিবন্ত গোঁহায়ে দৈনিক অগ্রদূত’ৰ আগত কয়, ‘১৯৯৯ত ভাৰত চৰকাৰে ডিব্ৰু ছৈখোৱাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে ঠিকেই, কিন্তু মানুহ আৰু জীৱ-জন্তু একেলগে বাস কৰাটো কেনেকৈ সম্ভৱ তাক বুজাই দিয়াত বিফল হৈছে।

লাইকা- দধিয়াবাসীয়ে বানৰ কবলত পৰি প্ৰতিবছৰেই শ শ বিঘা মুকলি কৰি গাঁও পাতিছে। ফলত অভয়াৰণ্যৰ আয়তন কমি আহিছে, জৈব বৈচিত্র্য ধ্বংস হৈছে, বন্যপ্রাণী আন ঠাইলৈ প্ৰব্ৰজন কৰিছে নতুবা মানুহৰ খাদ্যত পৰিণত হৈছে। অৱশ্যে মানুহখিনি যাব ক’লৈ। তেওঁলোকৰ একপ্ৰকাৰ মৰিবলৈও ঠাই নোহোৱাৰ দৰে হৈছে। তৎসত্ত্বেও চৰকাৰে লাইকা-দধিয়াবাসীক বাসোপযোগী ঠাইলৈ স্থানান্তৰ নকৰাটো অত্যন্ত গৰিহণাৰ যোগ্য।’

পৰিতাপৰ কথা, ৮০ৰ দশকত প্রতিষ্ঠা কৰা পাছিদিয়া আৰু পমুৱা প্ৰাথমিক বিদ্যালয়, লাইকা মধ্য ইংৰাজী বিদ্যালয়,লাইকা প্রাথমিক স্বাস্থ্য কেন্দ্র আদিকে ধৰি কে’বাটাও অংগনবাড়ী কেন্দ্র কে বাবছৰ পূৰ্বে বানে উটুৱাই নিছে। সম্প্রতি সেইসমূহ চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰ অস্তিত্ব কেৱল কাগজতে আবদ্ধ হৈ আছে হেতুকে কৰ্মচাৰীয়ে বেতন লাভ কৰিছে ঠিকেই কিন্তু লাইকা আৰু দধিয়াৰ কোনো শিশুয়েই শিক্ষা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

লাইকাৰ স্থানীয় বাসিন্দা দিলীপ ঝুলিয়ে এই সম্পৰ্কত ‘দৈনিক অগ্রদূত’ৰ আগত কয়, আমাৰ ল’ৰা-ছোৱালীয়ে শিক্ষা লাভ নকৰিলেও হাবিব বন খাই জীয়াই থাকিব, কিন্তু অসুখৰ সময়ত চকুৰ আগতে বিনা চিকিৎসাই মৰিবলৈ দিবলগীয়া পৰিস্থিতিয়ে আমাৰ অন্তৰাত্মাক বৰকৈ আমনি কৰে ।

উল্লেখ্য যে লাইকা আৰু দধিয়াত আশা কৰ্মীৰ কোনো উপস্থিতি নাই। প্রায় আঠ হেজাৰ মানুহে বাস কৰা লাইকা আৰু দধিয়াত এখন ঔষধালয়ৰ ব্যৱস্থা নাই। বিপদৰ আগজাননী পালে গাঁওবাসীয়ে কোনো গর্ভবর্তী মহিলা বা আন ৰোগীক চাঙিত তুলিয়েই তিনিচুকীয়া চহৰলৈ লৈ যায়।

অৱশ্যে গাঁওৱাসীৰ ক্ষোভ, বেমাৰৰ আৰম্ভণিতে নিব নোৱাৰিলে গুৰুতৰ অৱস্থাত নিয়া কোনো ৰোগীয়েই আজিলৈ হাস্পতাল পোৱাগৈ নাই। ৰোগীক সান্ত্বনা দিবলৈ চাঙিত তুলি নিয়মমাফিক নিয়াৰ দৰেহে হয়। আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে। আমাকনো মানুহ বুলি কোনে ক’ব ৷

উল্লেখ্য যে যোৱা ১৯৮৮ৰ ভয়ংকৰ বানত ক্ষতিগ্রস্ত লাইকা- দধিয়াৰ প্ৰায় ৭৩টা পৰিয়ালক জিলাখনৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তর্গত জাগুনৰ লংটং গর্বিত পুনসংস্থাপন দিয়াৰ লগতে আন ৮০টা পৰিয়ালক পাঁচ নম্বৰ গুইজানৰ চৰণীয়া ভূমিত এবিঘাকৈ প্ৰতিটো পৰিয়ালক প্ৰদান কৰি পুনৰ সংস্থাপিত কৰা হৈছিল।

অতি শেহতীয়াকৈ জাগুনৰ নামফাই বনাঞ্চলতো প্রায় এশ পৰিয়ালক পুনৰ সংস্থাপন দিয়া হৈছে। পৰিতাপৰ কথা ১৯৫০ৰ পৰাই পুনৰ সংস্থাপনৰ দাবী কৰি অহা লাইকা- দধিয়াবাসীর মাত্র দৃশ পৰিয়ালেহে আজি পর্যন্ত পুনৰ সংস্থাপন লাভ কৰিছে। ফলত এতিয়াও বঞ্চিত হৈ আছে ১৫শতকৈ অধিক পৰিয়াল।

দধিয়াৰ গাঁওবুঢ়া বিবাত নৰহে ‘দৈনিক অগ্ৰদূত’ৰ আগত কয়, দধিয়াৰ পৰা প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান মুলুকলৈ আঙুলি মূৰ বাট মুলুকগাঁও আৰু দধিয়া, দুয়োটাই বিন্দাকটা পঞ্চায়তৰ অন্তর্গত। মন্ত্ৰী হোৱাৰ পূর্বে সৰ্বানন্দই আমাৰ গাঁৱতেই ফুটবল, ভলীবল খেলিছিল, আড্ডা মাৰিছিল।

আমাৰ গাঁৱৰ ডেকা-ডেকেৰীয়ে সর্বাদা বুলিয়েই সম্বোধন কৰিছিল। তেতিয়া তেওঁ কৈছিল, ভবিষ্যতে মন্ত্ৰী হ’লে লাইকা-দধিয়া সমস্যা সমাধান কৰিব। মুলুক আৰু দধিয়া দুয়োখনেই তেওঁৰ গাঁও ।

পিছে যিদিনাৰ পৰাই তেওঁ মন্ত্ৰী হ’ল তেতিয়াৰ দিন ধৰি উভতি নাহিল ।” দীঘলীয়া সময় মিচিং সম্প্রদায়ক ৰাজনৈতিকভাবে নেতৃত্ব দি অহা নেতা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড আৰু বিধায়ক ভূৱন পেণ্ডৰ ভূমিকাক সমালোচনা কৰি গাঁওবুঢ়া নৰহে কয়, “ৰণোজ আৰু ভুবনে আমাক বহুত সপোন দেখুৱালে।

এতিয়া আমি তেওঁলোকৰ কথা তিলমাত্রও বিশ্বাস কৰিব নোৱৰা হৈছো। ভুবনে আমাক কৈছিল গোটাই গোটাই ভোট দিয়া, গোটাই গোটাই আন ঠাইত ভাল মাটি বিচাৰি দিম। নাই তেওঁলোকে কেৱল নিজৰ ক্ষমতা আৰু সম্পত্তিহে বিচাৰি পালে। আমাৰ ভোটেৰে ৰাজপাট খাই এতিয়া আমাকেই বুদ্ধি কৰি ৰাখিলে।

তাৎপর্যপূর্ণ যে বৃহত্তৰ লাইকা আৰু দধিয়াৰ সাতখন গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদৰ দিহিং চেছা সমষ্টিৰ অন্তৰ্গত। ভোটাৰৰ সংখ্যাৰ পিনৰ পৰা দিহিং চেঁচা পৰিষদখনৰ বৃহত্তম সমষ্টি । স্থানীয় বাসিন্দাই ‘দৈনিক অগ্ৰদূত’ৰ আগত অভিযোগ কৰে যে মিচিং স্বায়ত্তশাসিত পৰিষদে এনে এক পৰিষদীয় সমষ্টি হেৰুৱাব নিবিচৰা বাবেও ছাত্র সংগঠন টিএমপিকেকে ধৰি মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভুবন পেগুৱে লাইকা আৰু দধিয়াবাসীৰ পুনৰসংস্থাপন প্ৰক্ৰিয়াত বিধি পথালি দি আহিছে।

গাঁওবাসীৰ পোনপটীয়া অভিযোগ, তেওঁলোকে আমাক পণবন্দী কৰি ক্ষমতাৰ ভোগ-বিলাস স্থায়ী কৰাত ব্যস্ত। উদ্দেশ্য পূৰণৰ অৰ্থে সময়ে সময়ে আমাৰ ওপৰত বিভিন্ন উপায়েৰে দমন কৰিও আহিছে, কিন্তু আমি এতিয়া মুক্ত হ’ব বিচাৰিছো। আমি হ’লো বুলি আমাৰ ল’ৰা-ছোৱালীক তেওঁলোকৰ ক্ষমতা হাচিল কৰাৰ লুডু গুটিত পৰিণত হ’বলৈ দিব নোৱাৰো।’

উল্লেখ্য যে যোৱা দুবছৰ ধৰি লাইকা আৰু দধিয়াৰ প্রায় এশ পৰিয়াল তিনিচুকীয়া জিলা উপায়ুক্ত কার্যালয়ৰ গাতে অস্থায়ী শিবিৰ পাতি পুনৰ সংস্থাপন নিদিয়া পর্যন্ত জিলা উপায়ুক্তৰ কাৰ্যালয় ত্যাগ নকৰাৰ প্ৰত্যাহ্বান জনাই অৱস্থান কৰি আছে। তৎসত্ত্বেও চৰকাৰ, জিলা প্রশাসন সকলো নীৰৱ, নিৰ্বিকাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Flood Affictedlaika dodhiaPoor PeopleRehabilitation
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d