Haryana Nuh Violence:মণিপুৰৰ পাছত হাৰিয়ানাত অগ্নিগৰ্ভা পৰিস্থিতি

বিশ্ব হিন্দু পৰিষদৰ ৰেলীৰ পাছতে বিভিন্ন স্থানত হিংসাত্মক ঘটনা

haryana nuh violence 2

Haryana Nuh Violence:

পাহাৰীয়া ৰাজ্য মণিপুৰত হিংসাত্মক কাৰ্যকলাপ অব্যাহত থকাৰ মাজতে তদ্ৰুপ পৰিস্থিতিৰ সৃষ্টি হয় হাৰিয়ানাত

বিজেপি শাসিত ৰাজ্য খন নোহ জিলাত সোমবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাত চাৰিজনকৈ লোকৰ মৃত্যু হয় ৷ ইয়াৰে দুজন গৃহৰক্ষী জোৱান,এজন সৰ্বসাধাৰণ লোক হোৱাৰ বিপৰীতে আন জন ইমাম ৷

প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে নিশা নোহৰ এটা নিৰ্মীয়মান এটা মছজিদৰ বাহিৰত খাপ পিটি থকা দুৰ্বৃত্তৰ দলে মছজিদটোৰ ইমাম মহম্মদ শ্বাদ আৰু খুৰশ্বিদ নামৰ লোকজনক কোনো কথাৰ অৱতাৰণা নকৰাকৈ উপযুপৰি প্ৰহাৰ কৰি মুমুষ অৱস্থাত এৰি থৈ যায় ৷

দলবদ্ধ প্ৰহাৰৰ সন্মুখীন হোৱা ইমাম মহম্মদ শ্বাদ গুৰুত্বৰভাৱে আহত হৈ গুৰগ্ৰামৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ আনহাতে খুৰশ্বিদ নামৰ লোকজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰি গৈছে ৷

উল্লেখ্য যে, সোমবাৰে হাৰিয়ানাৰ নোহত বিশ্ব হিন্দু পৰিষদে এক সমদল বাহিৰ কৰিছিল। কিন্ত এই সমদলক এটা পক্ষই বাধা প্ৰধান কৰে ৷ ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷

হঠাৎ দুই পক্ষৰ মাজত শিল দলিয়া-দলীৰ মাজত একাংশই নোহৰ ঐতিহ্যমণ্ডিত গোৰখনাথ মন্দিৰত আক্ৰমণ কৰি মন্দিৰটোৰ পূজাৰী গৰাকীক উপযুপৰি প্ৰহাৰ কৰিও ক্ষান্ত নাথাকি দুৰ্বৃত্তই এখন মটৰ চাইকেল জ্বলাই দিয়ে ৷

পলকতে পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰে ৷ ৩৫ খনকৈ বাহনত অগ্নিসংযোগৰ দৰে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে আন আন স্থানতো দুৰ্বৃত্তই নানান অবৈধ কাৰ্যত লিপ্ত হৈ পৰে।

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হাৰিয়ানা আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি নোহত সান্ধ্য আইন বলবৎ কৰাৰ লগতে জিলা খনত প্ৰৱেশ কৰা পথ সমূহ চীল কৰি দিয়ে ।

শেহতীয়া খবৰ অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা খনত আৰক্ষী – অৰ্ধ সামৰিক বাহিনীৰ ১৫ কোম্পানীয়ে ইতিমধ্যে দিছে  নোহত টহল দিছে ৷ ৰাজ্য খনৰ আন আন ঠাইলৈ যাতে হিংসা বিয়পিব নোৱাৰে তাৰ বাবে নোহত ইন্টাৰনেট সেৱা বুধবাৰলৈ কৰ্তন কৰাৰ লগতে গুৰগ্ৰাম আৰু ফৰিদাবাদৰ সকলোবোৰ শিক্ষানুষ্ঠান পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ ঘোষণা কৰিছে  প্ৰশাসনে ।

ইপিনে, হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে সদৰি কৰা মতে,হিংসাত্মক ঘটনা অব্যাহত থকাৰ সময়ত প্ৰাণৰ মমতাত এটা মন্দিৰত আশ্ৰয় গ্ৰহণ কৰে  কণ কণ শিশু সহ আঢৈ সহস্ৰাধিক লোকে ৷

দুৰ্ভগীয়া লোকসকলক পুনৰ নিজ নিজ বাস গৃহলৈ নিৰাপদে নিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সকলো সম্প্ৰদায়কে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় ৷

Exit mobile version