Karbianglong :বোকাত আবদ্ধ বাহনত প্ৰস্ৰৱ বেদনাত চটফটাই থকা গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰি পুনৰ উদঙালে কাৰ্বি আংলঙৰ উন্নয়নৰ বাস্তৱ ছবি 

damagr road

West Karbianglong :

কাৰ্বি আংলঙৰ বৰপুঙত ৰোগীক লৈ পাহাৰীয়া খৰস্ৰোতা নৈৰ বুকুয়েদি বাঁহৰ মেলেঙেৰে বিপদসংকুল যাত্ৰা কৰা ঘটনাৰ পাছত এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙৰ মুখিম গাঁওত এগৰাকী গৰ্ভৱতী মহিলাই বোকাত আবদ্ধ বাহনত সন্তান প্ৰসৱ কৰা ঘটনা সংঘটিত হৈছে। জেৰিকিন্দেঙৰ চিকিৎসালয় লৈ নিয়াৰ পথত সংঘটিত হ’য় উন্নয়নৰ বিপৰীত ছবি উদঙুৱা এই ঘটনাটো।

সুদীৰ্ঘ বছৰ ধৰি বিধ্বস্ত আৰু এজাক বৰষুণৰ পাছতেই সৃষ্টি হোৱা পথাৰসদৃশ বোকাময় পথৰ বাবেই প্ৰকৃততে বেদনাদায়ক আৰু বিপদসংকুল যাত্ৰাৰে যমৰ যান্ত্ৰনা ভুগি আহিব লগীয়া হৈছে কাৰ্বি আংলংবাসীয়ে।

অবৰ্ণনীয় বিধ্বস্ত পথৰ বাবেই আজি এনেদৰে প্ৰস্ৰৱ বেদনাত চটফটাই থকা চেৰলিতা বেপী নামৰ গৰ্ভৱতী মহিলাগৰাকীক এম্বুলেন্সৰ অভাৱত এখন ভাড়া গাড়ীৰে জিৰিকিন্দেং চিকিৎসালয়লৈ নিয়াৰ সময়তে আধা বাটতেই সন্তান জন্ম হ’বলগীয়া হয়।

দুৰ্গম পাহাৰত প্ৰায় ২০ কিঃমিটাৰ দৈৰ্ঘৰ একাবেকা জৰাজীৰ্ণ পথেৰে গৰ্ভবতী মহিলাক লৈ যন্ত্ৰণাদায়ক যাত্ৰা কৰিবলগীয়া হয় মহিলাগৰাকীৰ পৰিয়ালে। এক কথাত কবলৈ গলে, ছবিয়ে দেখুৱাই, ছবিয়ে কথা কয়! আৰু কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ এনেবোৰ সুলভ ছবিয়ে এতিয়া উদঙাইছে কাৰ্বি আংলঙত উন্নয়ন আৰু বিকাশৰ শ্ল’গান দি বিজেপি চৰকাৰে কৰা উন্নয়ন কিমান হৈছে?

Exit mobile version