Nalbari Pet Elephant :নলবাৰীৰ কটাহকুছিত বনৰীয়া হাতীক খেদিবলৈ ব্যৱহাৰ কৰা হয় দুটাকৈ পোহনীয়া হাতী

কাজিৰঙাৰ পোহনীয়া হাতীৰ সহায়ত বনৰীয়া হাতী খেদাৰ প্ৰয়াস

eleohant 2

Nalbari Pet Elephant :

নলবাৰী জিলাৰ পূৱ প্ৰান্তস্থিত কটাহকুছি গাৱৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে চাৰিটাকৈ বনৰীয়া হাতীয়ে । চাৰিটা হাতীয়ে উক্ত চুবুৰিটোত প্ৰায় এমাহ ধৰি উপদ্ৰৱ চলাই আছে।

কিন্ত বনবিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথ্বাপন কৰিছিল গঞা ৰাইজে । কেবল বন বিভাগে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ ধন নিবলৈহে গাওঁখনলৈ আহে বুলি অভিযোগ তৰিছিৰ স্থানীয় ৰাইজে ।

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ জিলাতে হাতীৰ উপদ্ৰৱ আৰু বন বিভাগৰ হাতী খেদাৰ ক্ষেত্ৰত অপৰাগ হোৱা সন্দৰ্ভত ”দৈনিক অগ্ৰদুত”ত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পিছত অৱশেষত বনৰীয়া চাৰিটাকে হাতীক নিৰাপদ দূৰত্বৰ ঠাইত খেদি পঠিয়াবলৈ বন বিভাগৰ সহযোগত কাজিৰঙাৰ পৰা দুটাকৈ প্ৰকাণ্ড হাতী অনা হয়।

কটাহকুছি বড়ো চুবুৰীস্থিত কৃষ্ণগুৰু আশ্ৰমৰ নৈসৰ্গিক  পৰিৱেশত ৰখা হৈছিল দুই পোহনীয়া হাতীক। আজি বন বিভাগে উক্ত হাতী দুটাৰ সহযোগত বনৰীয়া হাতী চাৰিটাক খেদি পঠিওৱাৰ বাবে বনৰীয়া হাতী বিচাৰি ফুৰা পৰিৰক্ষিত হয় । কিন্তু বাতৰি লিখা পৰলৈকে হাতী কেইটা খেদি পঠাবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

Exit mobile version