Assam Mla:গুৱাহাটীত নিজৰ ঘৰ থকাৰ পাছতো ভাড়াৰ নামত ৬০ হেজাৰকৈ আদায়

নীতি বচনত সিদ্ধহস্ত বিধায়কৰ লোভ, তালিকাত দল নির্বিশেষে ৪৫ বিধায়কৰ নাম কে'বাজনৰো ব্যক্তিগত গৃহ ৰাজধানী চৌহদৰ সমীপতে

ala

Assam Mla:

নীতি বচন আওৰোৱাত কম নহয় অসম বিধানসভাৰ অধিকাংশ সদস্যই; অথচ ব্যক্তিগত স্বার্থজড়িত বিষয়ত ধোঁৱাচাঙত তুলি থয় তেনে নীতি বচন। বিষয়টো শেহতীয়াকৈ উত্থাপিত হৈছে বিধানসভাৰ ৪৫ গৰাকী সদস্যই গুৱাহাটীত নিজৰ স্থায়ী ঠিকনা থাকা সত্ত্বেও ঘৰ ভাড়াৰ নামত প্ৰতিমাহে আদায় কৰি থকা লাখ লাখ টকাৰ প্ৰসংগত বিধানসভাৰ নতুন বিধায়ক আৱাস নিৰ্মাণৰ বাবে বিধানসভা সচিবালয়ে অসম আৰ্হিৰ চৰকাৰী আৱাসবোৰ ভাঙি পেলাইছে ।

ফলত ৪৫ গৰাকী বিধায়ক-বিধায়িকাক ভাড়াঘৰ বিচাৰি ল’বলৈ আহ্বান জনাই বিধানসভা সচিবালয়ে তাৰ ভাড়া বহন কৰিব বুলি কোৱা ভাড়াঘৰ লোৱা নাই । অৱশ্যে তেওঁলোকৰ গুৱাহাটীতো নিজা ঘৰ তথা স্থায়ী ঠিকনা আছে আৰু তাতেই তেওঁলোকে বাস কৰিছে ।

তাৰ পাছতো সেই সকল বিধায়কে মাহিলি আদায় লৈ আছে ঘৰ ভাড়াৰ ধন। বিধানসভা সচিবালয়ে ধাৰ্য কৰি দিয়া অনুসৰি প্ৰতিগৰাকী বিধায়ক- বিধায়িকাই ভাড়াৰ বাবদ প্ৰতিমাহে লাভ কৰি থকা ধনৰ পৰিমাণ হ’ল ৬০ হেজাৰ টকা।

বিধায়ক অথবা বিধায়িকা এগৰাকীৰ লগত নিৰাপত্তাৰ দিশটো জড়িত হৈ থাকে৷ তদুপৰি গুৱাহাটীতো তেওঁলোকক সমষ্টিৰ বহু মানুহে সাক্ষাৎ কৰিবলৈ আহে। আৱাসত তেওঁলোকক এটা কাৰ্যালয় কক্ষৰো প্ৰয়োজন হয়। ইয়াৰ লগতে স্বাচ্ছন্দ্যকভাৱে বাস কৰিব পৰা বিষয়টোও আছে ।

সেয়ে এই সকলোবোৰ মিলাই ঘৰ ভাড়াৰ পৰিমাণ ৬০ হেজাৰ টকা ধাৰ্য কৰা হয়। সাধাৰণ লোকৰ ভাড়াঘৰৰ ভাড়াৰ পৰিমাণতকৈ এয়া কে’বাগুণো বেছি। অসম বিধানসভাত এনে কেবাজনো জনপ্রতিনিধি আছে যিয়ে চৰকাৰী আৱাস কোনোদিনে ব্যৱহাৰ নকৰে ।

নিজৰ ঘৰৰ পৰাই গুৱাহাটীত থকা দিনকেইটাত প্রয়োজনীয় কাম-কাজবোৰ কৰে। আনকি বিধানসভাৰ অধিবেশন চলা দিনকেইটাতো ঘৰৰ পৰাই অহা-যোৱা কৰে। নতুন গৃহ নিৰ্মাণৰ বাবে তাৰে কে’বাজনৰো নামত আৱণ্টিত চৰকাৰী আৱাস ভাঙি পেলোৱা হৈছে। তাৰ পাছতো সেইসকলে ভাড়াৰ ধন আদায়ত কার্পণ্য কৰা নাই। মুঠ ওপৰত ৰাজহুৱা ধনৰ শৰাধ অথবা ক্ষমতাৰে উপভোগত কোনো কম নহয় ।

শাসক-বিৰোধীৰ প্ৰতিটো দলৰ বিধায়কৰ নাম এই তালিকাত আছে। সেইসকলৰ ভিতৰত আছে – বিধায়ক অতুল বৰা, অখিল গগৈ, অমিয় কুমাৰ ভূঞা, আফতাব উদ্দিন মোল্লা, আব্দুল বাতিন খণ্ডকাৰ, আশ্রাফুল হুছেইন, ভৰত চন্দ্ৰ নৰহ, দিগন্ত বৰ্মন, দৰছিং ৰংহাং, জিৰণ বসুমতাৰী, গণেশ লিম্বু, সুমন হৰিপ্ৰিয়া, ৰূপসিং টেৰণ, ৰামকৃষ্ণ ঘোষ, ৰেণুপমা ৰাজখোৱা, নন্দিতা দাস, মনোৰঞ্জন তালুকদাৰ, ফণীধৰ তালুকদাৰ, চক্ৰধৰ গগৈ, নিজানুৰ ৰহমান, নিজাম উদ্দিন চৌধুৰী, খলিলউদ্দিন মজুমদাৰ, জাকিৰ হুছেইন সিকদাৰ, মিছবাহুল ইছলাম লঙ্কৰ, পৃথ্বিৰাজ ৰাভা, ছামছুল হুদা, মজিবুৰ ৰহমান, উৎপল বৰা, আব্দুৰ ৰহিম আহমেদ, ভুবন গাম, নজৰুল হক, ৰেকিবুদ্দিন আহমেদ, ছুজাম উদ্দিন লস্কৰ, প্ৰদীপ সৰকাৰ, জাকিৰ হুছেইন লস্কৰ, অজয় কুমাৰ ৰায়, ড° আছিফ মহম্মদ নাজাৰ আৰু ৰঞ্জিত দত্ত।

উদাহৰণ স্বৰূপে দিছপুৰৰ বিধায়ক অতুল বৰাৰ মহানগৰীৰ হাতীগড়ৰ কাৰ্বি পথত নিজা ঘৰ। ৰাইজৰ দলৰ অখিল গগৈৰ ঘৰ চান্দমাৰিৰ নিজৰাপাৰত। কংগ্ৰেছৰ ভৰত চন্দ্ৰ নৰহৰ বাসগৃহ বেলতলাৰ বশিষ্ঠপুৰৰ তিনি নম্বৰ উপ-পথত কংগ্ৰেছৰে দিগন্ত বৰ্মনৰ ঘৰ ৰুক্মিণী নগৰ পথত।

বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ ঘৰ বামুণীমৈদামৰ বৰ্ণাচল পথত। কংগ্ৰেছৰ নন্দিতা দাসৰ ঘৰ তেতেলিয়াৰ লাচিত বৰফুকন পথত। বিজেপিৰ ফণীধৰ তালুকদাৰৰ ঘৰ কইনাধৰাৰ উদয় নগৰত বিজেপিৰ ভুবন গামৰ ঘৰ গণেশগুৰিৰ অমৃতপুৰ পথত।

কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ ঘৰ হাতীগাঁও সিজুবাৰীৰ ওমৰ মছজিদৰ সমীপত। অসম গণ পৰিষদৰ ৰেণুপমা ৰাজখোৱাৰ ঘৰ গণেশগুৰিস্থিত এপার্টমেন্ট চেঞ্চুৰী প্লাজাৰ দ্বিতীয় মহলাত ।

এআইইউডিএফৰ ছুজাম উদ্দিন লস্কৰৰ ঘৰ আছে বেলতলাৰ বিষ্ণু ৰাভা পথস্থিত ইউৰেকা আম্বিয়ানা নামৰ এপার্টমেণ্টত । প্রসংগক্রমে উল্লেখ্য যে প্ৰথমতে ভাড়াৰ পৰিমাণ ৭৫ হেজাৰ টকা ধাৰ্য কৰা হৈছিল। পাছত সেই পৰিমাণ ৬০ হেজাৰ টকালৈ হ্ৰাস কৰা হয় ৷

Exit mobile version