Bhabanipur Anchalik College:ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ উদ্বোধনী অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু

ৰাইজৰ অংশগ্ৰহণ অবিহনে বহু মহাবিদ্যালয় নিম্নগামী হৈছে, "ছাত্ৰ-ছাত্ৰীৰ জীৱন-জীৱিকাৰ পৰিকল্পনা শিক্ষানুষ্ঠানৰ পৰাই হ'ব লাগিব"

pegu 1

Bhabanipur Anchalik College:

যিকোনো শিক্ষানুষ্ঠান এখনত জন্মলগ্নৰে পৰা অপ্ৰাদেশীকৃত অৱস্থাত থকা সময়ছোৱাত ৰাইজ জড়িত হৈ থাকে। কিন্তু শিক্ষানুষ্ঠান এখন প্ৰাদেশীকৰণৰ পিছত তাত ৰাইজ জড়িত নাথাকে।

কিন্তু প্ৰতিখন শিক্ষানুষ্ঠানত ৰাইজৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ।প্ৰাদেশীকৰনৰ পিছত শিক্ষানুষ্ঠানবোৰত ৰাইজৰ অংশগ্ৰহণ অবিহনে বহু মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান নিম্নগামী হৈছে।

সেয়ে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক জড়িত কৰি ৰখাৰ প্ৰক্ৰিয়া আছে।এতিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়,প’লিটেকনিক আদিতো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী আৰু গভৰ্ণিং ব’ডি থাকিব। শিক্ষানুষ্ঠানবোৰ ৰাইজৰ অংশগ্ৰহনেৰে ৰাইজৰ নিয়ন্ত্ৰনত থাকিব লাগিব।”-

এইদৰে কয় অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুৱে আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত নতুনকৈ প্ৰবৰ্তিত বিজ্ঞান শাখাৰ উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণত।শিক্ষা মন্ত্ৰী ডা: পেগুৱে তেওঁৰ ভাষণত কয় যে-“অসমত বছৰি আঢ়ৈ লাখ ডিগ্ৰীধাৰী যুৱক-যুৱতী ওলায়।

ইয়াৰ পৰিবৰ্তে ৰাজ্যখনত বছৰি এঘাৰ হেজাৰ চৰকাৰী চাকৰিয়ালৰ অৱসৰ হয়।কিন্তু বছৰি এঘাৰ হেজাৰে চৰকাৰী চাকৰি পোৱাৰ পিছত বাকীবোৰ কি হ’ব ?অসমত শিক্ষিতৰ হাৰ অনুযায়ী চৰকাৰী চাকৰি নাই ।

সেয়ে নতুনকৈ প্ৰবৰ্তিত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰাৰ পৰিকল্পনাৰ উপৰিও ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতৰ জীৱন যুদ্ধত জীয়াই ৰখাৰ উদ্দেশ্যে শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে ।

ৰাষ্ট্ৰীয় শিক্ষানীতি মানে অকল শ্ৰেণীকোঠাৰ পাঠ্যপুথি কেন্দ্ৰীক নহয়।শিক্ষাৰ্থীক ভৱিষ্যতে জীৱন যুদ্ধত জীয়াই ৰখা । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে জীৱন-জীৱিকাৰ বাবে মহাবিদ্যালয় পৰ্যায়ত উপযুক্ত কৰি তুলি ল’ব লাগিব। ছাত্ৰ -ছাত্ৰীৰ জীৱন-জীৱিকাৰ পৰিকল্পনা শিক্ষানুষ্ঠানৰ পৰাই হ’ব লাগিব ।

ছাত্ৰ-ছাত্ৰীৰ এখন ভাল মাৰ্কছিট থকাৰ উপৰিও সামাজিক দক্ষতা,জীৱনৰ দক্ষতাতো আগবঢ়া হ’ব লাগিব।ইয়াৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী সকলক ব্যৱস্থাৰ আপডেট লাগে।তাৰবাবে সকলো পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণ ল’ব লাগিব “।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ গভৰ্ণিং ব’ডিৰ সভাপতি ধৰণীধৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আমন্ত্ৰিত অতিথিৰূপে তেওঁৰ ভাষণত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত বিজ্ঞান ভৱন নিৰ্মাণৰ বাবে চৰকাৰী অনুদান দিয়াৰ ঘোষণা কৰাৰ লগতে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়খন নামনি অসমৰ এখন অন্যতম উন্নত আন্তঃগাথঁনিসম্পন্ন মহাবিদ্যালয় বুলি উষ্ম প্ৰশংসা কৰে।

সভাত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে বিশিষ্ট অতিথিৰূপে ভাষণ দি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত বিজ্ঞান ভৱন নিৰ্মাণৰ বাবে চৰকাৰী অনুদান দিয়াৰ ঘোষণা কৰাৰ লগতে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়খন পৰবৰ্তী সময়ত বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ পোষকতা কৰে।

সভাত প্ৰাক্তন বিধায়ক ড° মনোৰঞ্জন দাস আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নবীন চন্দ্ৰ কলিতাই নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে।আৰম্ভণিতে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদক দিলীপ কুমাৰ ডেকাই আত ধৰা আৰু আদৰণি ভাষণ দিয়াৰ লগতে শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে উদ্দেশ্য বাখ্যা কৰা সভাত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° আব্দুছ ছালামেও শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে।

সভাত শলাগসূচক সামৰণি বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অপৰ্ণা ডেকাই । উল্লেখ্য যে,আজি দিনৰ বাৰ বজাত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

তদুপৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীদ্বয় ডা: ৰণোজ পেগু, ৰঞ্জিত কুমাৰ দাস আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰক ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ তৰফৰ পৰা বিহু,গুৰুম্বা, জিকিৰ,সত্ৰীয়া সংস্কৃতি আদিৰে উষ্ম আদৰণি জনায়।

Exit mobile version