Rahul Gandhi Restored As Mp:ৰাহুল গান্ধীয়ে ঘূৰাই পালে সাংসদ পদ

সংসদ ভৱনত প্ৰৱেশ ছোনিয়া তনয়ৰ

rahul gandhi 1

Rahul Gandhi Restored As Mp :

অৱশেষত সাংসদ পদ ঘূৰাই পালে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ সৰ্বোচ্চ ন্যায়ালয়ে স্থগিতাদেশৰ তিনদিনৰ পাছতেই ঘূৰাই পালে সাংসদ পদ ৷

‘মোডী উপাধি’ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৰজু হোৱা এটা গোছৰৰ শুনানি গ্ৰহণ কৰি গুজৰাটৰ চুৰাট চেছন আৰু সত্ৰ ন্যায়াধীশ আদালতে ৰাহুল গান্ধীক দুবছৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল ৷

পৰৱৰ্তী সময়ত কংগ্ৰেছ নেতা গৰাকীয়ে এই ৰায়ৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়তো আপিল কৰিছিল যদিও আদালতে ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰি চুৰাট আদালতৰ ৰায়কে বাহাল ৰাখে ৷

কিন্ত গান্ধীয়ে নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম আদালতত আপিল কৰাত আদালতে শুনানি গ্ৰহণ কৰি চুৰাট আদালতৰ ৰায়ক স্থগিতাদেশ দিয়ে ৷ আনকি উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে সাংসদ খাৰিজৰ নিৰ্দেশনা ।

এই খবৰে কংগ্ৰেছ শিবিৰ আৰু কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা উমৈহতীয়া যৌথ মঞ্চ ইণ্ডিয়া’ত মাজত এক আনন্দ আৰু উছাহ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷

আনহাতে তিনিদিন পূৰ্বে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাছতে সাংসদ পদ ঘূৰাই বিছাৰি ৰাহুল গান্ধীয়ে লোকসভাৰ অধ্যক্ষক ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰে ৷
ইয়াৰ পূৰ্বে লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে অধ্যক্ষক সাক্ষাৎ কৰিছিল লোকসভাৰ অধ্যক্ষক ৷

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীক সাংসদ পদ ঘূৰাই দিয়াৰ পাছত আজি লোকসভাত প্ৰৱেশ কৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ৷

উল্লেখ্য যে,এই ৰায়ৰ পাছতে এতিয়া ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰাৰ লগতে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৷

স্মতৰ্ৱ্য যে, ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে ‘মোডী উপাধি’ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি সকলো মোডী চোৰ’ বুলি তিৰ্যক বক্তব্য ৰাখিছিল।

যাৰবাবে বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত শুনানি লৈ চুৰাট চেছন আৰু সত্ৰ ন্যায়াধীশ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। এই ৰায়ৰ পাছতে ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল ।

আনকি লোকসভা সচিবালয়ে তেওঁৰ চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ দিয়ে   ৷

সেই অনুসৰি গান্ধীয়ে লগে লগে চৰকাৰী বাংলো খালী কৰি দিছিল । মনকৰিবলগীয়া যে,ৰাহুল গান্ধী পুনৰ লোকসভা মজিয়ালৈ অহাত একপ্ৰকাৰ কংগ্ৰেছৰ শিবিৰত পূৰ্ণ শক্তি বৃদ্ধি পালে ৷

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি আৰু শেহতীয়াকৈ হাৰিয়ানাটো অনুৰূপ পৰিবেশ সৃষ্টি হোৱাৰ পাছত সংসদত বিৰোধীক একগোট কৰি সৰৱ প্ৰতিবাদৰ নেতৃত্ব দিছিল কংগ্ৰেছ সভাপতি মল্লিকাজুৰ্ণ খৰ্গে ৷

কিন্ত ৰাহুল গান্ধী পুনৰ সংসদলৈ উভতি অহাত দুগুণ উছাহ বৃদ্ধি পালে কংগ্ৰেছৰ ৷

কংগ্ৰেছ শিৱিৰত এতিয়া যে আনন্দৰ লহৰ ৷

Exit mobile version