Kherani Terror Of Wild Elephant :খেৰণিৰ হাৱাইপুৰত বন্যহস্তীৰ সন্ত্ৰাস

অস্বাভাৱিক আচৰণ হাতীটোৰ, হাতীটোক লৈ আতংকিত অঞ্চলবাসী

wild elephant 2

Kherani Terror Of Wild Elephant :

ৰাজ্যত প্ৰায়ে দেখিবলৈ পোৱা যায় হাতী-মানুহৰ সংঘাত। কিন্তু এইবাৰ পশ্চিম কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছে এটা বনৰীয়া হাতীৰ অস্বাভাৱিক আচৰণৰ দৃশ্য। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীয়ে হাৱাইপুৰ এলেকাত নিশাৰে পৰা অস্বাভাৱিকভাৱে আচৰণ কৰি থকা পৰিলক্ষিত হয়।

পুৱাৰ ভাগত গৰুৰে ধান আদি মৰণা দিয়াৰ দৰে হাতীটোৱে একেটা স্থানতে ঘূৰি থকা দেখিবলৈ পোৱা যায়। অৱশ্যে পাছত হাতীটোক জনাঞ্চলৰ পৰা অঞ্চলবাসী ৰাইজে খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও উদ্দত হাতীটোৱে মানুহক আক্ৰমণ কৰিবলৈ খেদি আহে।

আনকি এজন লোক কথমপি ৰক্ষা পৰে হাতীতোৰ আক্ৰমণৰ পৰা। মুঠতে এক শিহৰণকৰি পৰিৱেশ সৃষ্টি হয় অঞ্চলতটোত। ইতিমধ্যে হাতীটোৱে এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰি এখন মটৰ চাইকেল আৰু এখন চাৰিচঁকীয়া বাহনত আক্ৰমণ চলাই বিস্তৰ ক্ষয় -ক্ষতি কৰে।

তিনিটাকৈ পৰিয়ালৰ বাসগৃহও ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীটোৱে। আনহাতে খৱৰ লাভৰ পাছত ঘটনাস্থলীত খেৰণি বন বিভাগৰ লোক উপস্থিত হয় যদিও ওৰেটো দিন হাতীটোক কোনোধৰণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা অঞ্চলটোৰ পৰা খেদি পঠিওৱাত ব্যৰ্থ হয় বন কর্মীয়ে। সন্ত্ৰাস সৃষ্টি কৰা হাতীটোক লৈ আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ।

Exit mobile version