Land-Centered Conflict:মহানগৰীত নিশা ভূমিকেন্দ্রিক সংঘাত

মাতৃ- পুত্ৰৰ প্ৰহাৰত আহত যুৱক

jalukbari land conflict

Land-Centered Conflict:

মহানগৰীৰ মালিগাঁও চাৰিআলিত শুক্ৰবাৰে নিশা সংঘটিত হয় এক মাৰপিটৰ ঘটনা ৷
ভূমিকেন্দ্রিক সংঘাতৰ বাবেই মাতৃ- পুত্ৰই দলবদ্ধভাৱে আক্ৰমণ কৰে এজন যুৱকক ৷
গুৰুত্বৰভাৱে আহত যুৱকজনৰ নাম দীপজ্যোতি দাস। আহত যুৱকজন বৰ্তমান এখন ব্যক্তিগত নাছিং হোমত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷

আনহাতে যুবকজনক দলবদ্ধ আক্ৰমণ কৰা মাতৃ- পুত্ৰৰ নাম ভানুপ্রভা দাস আৰু প্রণৱজ্যোতি দাস ৷

ইতিমধ্যে মাতৃ-পুত্রৰ বিৰুদ্ধে দীপজ্যোতিৰ পৰিয়ালৰ লোকে জালুকবাৰী থানাত দাখিল কৰিছে এজাহাৰ

উল্লেখ্য যে, দীপজ্যোতি দাসৰ পৰিয়ালৰ স’তে ভানুপ্রভা দাসৰ ভূমি কেন্দ্ৰীক সংঘাত বহু দিনৰে পৰা চলি আছিল ৷

Exit mobile version