Chirang Police Encounter:চিৰাঙত আৰক্ষীৰ এনকাউণ্টাৰ !

আৰক্ষী গুলীত নিহত দুৰ্ধৰ্ষ চোৰাং চিকাৰী 

chirang encounter

Chirang Police Encounter:

নামনি অসমত বন বিভাগৰ বাবে মুৰৰ কামোৰণি হৈ পৰা দুৰ্ধৰ্ষ চোৰাংচিকাৰী নৱেশ্বৰ বসুমতাৰী অৱশেষত আৰক্ষীৰ এনকাউণ্টাৰত নিহত  ৷

দেওবাৰে নিশা চিৰাঙৰ ভূটান সীমান্তৰ জালুকনিৰ মালেভিটাত গুলীবিদ্ধ হয় চোৰাংচিকাৰীটো ৷ গুৰুত্বৰভাৱে আহত চোৰাংচিকাৰীটোক চিকিৎসালয়ললৈ নিশা হয় যদি আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷

উল্লেখ্য যে, দুটাকৈ গঁড় আৰু ৪০টাৰো অধিক হাতী চিকাৰত জড়িত আছিল নৱেশ্বৰ।

ভূটানৰ সীমান্তৱৰ্তী অঞ্চলত চোৰাং চিকাৰৰে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে ইতিপূৰ্বে গঁড় চিকাৰত জড়িত তিনি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বন বিভাগ-আৰক্ষীৰ যৌথ দলে ৷

দেওবাৰে নিশা  ধৃত গঁড় চিকাৰীকেইটাক লগত লৈ আৰক্ষীয়ে আন চিকাৰীৰ সন্ধানত ভূটান সীমান্তৰ জালুকনিৰ মালেভিটাত অভিযান চলাই থাকোতেই ধৃত চিকাৰী তিনিটাৰ মাজৰে নৱেশ্বৰ বসুমতাৰীয়ে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে গুলীচালনা কৰাত গুৰুৰভাবে আহত হয় দুৰ্ধৰ্ষ গড় চিকাৰীটো ৷

আনহাতে গড় চিকাৰীটোৰ আক্ৰমণত ৰফিকুল ইছলাম নামৰ আৰক্ষীৰ এজন লোকো আহত হয় ৷

Exit mobile version