Lakhimpur Mysterious Encounter:লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰ

গুলীবৃদ্ধ আটকাধীন যুৱক,স্পষ্টীকৰণ আৰক্ষীৰ,অসাৱধানতাৰ বাবে ফুটিল গুলী

lakhimpur encounter

Lakhimpur Mysterious Encounter:

অপৰাধীৰ বাবে মুৰৰ কামোৰণি হৈ পৰা সুদক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই লখিমপুৰত যোগদান কৰাৰ পাছৰে পৰা নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰে৷ ইতিমধ্যে আনন্দ বাহিনীৰ জালত পৰিছে বহু কেইটা নলক সোণ সৰবৰাহকাৰী ৷

এছ পি হিচাপে আনন্দ মিশ্ৰই লখিমপুৰত যোগদানৰ পাছত দেওবাৰে সংঘটিত হয় প্ৰথমটো এনকাউণ্টাৰৰ ঘটনা ৷ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় বঙালমৰাৰ ২নং ইচলামপুৰৰ আনাৰুল ইছলাম নামৰ যুৱক এজন ৷ ভৰিত গুলীবৃদ্ধ আনাৰুলক আৰক্ষীয়ে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে ৷

বিভিন্ন অপৰাধ কাণ্ডৰে জড়িত থকা আনাৰুলক লখিমপুৰ আৰক্ষীয়ে আটক কৰাৰ পাছত দেওবাৰে তাক লগত লৈ ভাতৃ চাদ্দাম হোছেইনৰ সন্ধানত অভিযান  চলাবলৈ যাওঁতে এনকাউণ্টাৰ ঘটনা সংঘটিত হয় ৷

আনহাতে আৰক্ষী জিন্মাত থকা অৱস্থাত কেনে পৰিস্থিতিত এনকাউণ্টাৰ ঘটনা সংঘটিত হ’বলৈ পালে এই সম্পৰ্ক ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে আৰক্ষীৰ স্পষ্টীকৰণ,অসাৱধানতাৰ বাবে ফুটিল গুলী’ ৷

মনকৰিবলগীয়া যে,ৰাজ্যৰ বিভিন্নস্থানত ইতিপূৰ্বে সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনাত আৰক্ষী জিন্মাৰ পৰা অপৰাধী পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে ৷

কিন্ত লখিমপুৰত দেওবাৰে সংঘটিত সন্দেহজনক এনকাউণ্টাৰ ঘটনাই বিশেষ ৰহসৰ সৃষ্টি কৰিছে ৷

প্ৰকৃততে আৰক্ষীৰ অভিযানত আটকাধীন আনাৰুল ইছলাম পলাবলৈ চেষ্টা কৰিছিল নেকি,এনেবহুবোৰ প্ৰশ্ন অৱতাৰণা হৈছে এছ পি আনন্দ মিশ্ৰৰ প্ৰথমটো এনকাউণ্টাৰৰ ঘটনাক লৈ ৷

Exit mobile version