ৰাজ্যত পুনৰ সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা

আটকাধীন অপৰাধীক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা গুলীবিদ্ধ দুৰ্ধষ অপৰাধ ৰফিকুল ইছলাম

most wanted criminal arrested

Most Wanted Criminal Arrested:

ৰাজ্যত পুনৰ সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা। দেওবাৰে নিশা ধুবুৰীৰ চাপৰত শশাৰগাঁৱত শূন্যলৈ গুলীচালনা আৰু নিৰীহ যুৱকক পিষ্টলৰে প্ৰহাৰ কৰা কাণ্ডৰ মুল অপৰাধী ৰফিকুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

দেওবাৰে নিশা আটকাধীন ৰফিকুলক লগত লৈশা শশাৰগাঁও ঘটনাত ব্যৱহাৰ হোৱা অস্ত্ৰ উদ্ধাৰৰ বাবে অভিযান চলাইছিল। কিন্ত হঠাৎ আৰক্ষী জিন্মাৰ পৰা পলাবলৈ আৰক্ষীক আক্ৰমণ কৰে ৷ এই ঘটনাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে ৰফিকুলৰ ভৰিত গুলীয়াবলৈ বাধ্য হয় ৷

গুলীবিদ্ধ ৰফিকুলক আৰক্ষীয়ে ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতালতত ভৰ্তি কৰে । ।

আনহাতে আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত ঘটনাৰে জড়িত মূল অভিযুক্ত ৰফিকুল ইছলাম সহ আন কেইজন আটকাধীন হ’ল- নুৰ মহম্মদ আলী, ছাহাবুদ্দিন, মহম্মদ আলী, মেহবুব আলম, ৰিয়াজুল আৰু হামিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে জব্দ কৰিছিল মটৰ চাইকেল, এখন নম্বৰ প্লেট বালেনো গাড়ী, ২ জাঁই সজীৱ গুলী আৰু অন্যান্য সামগ্ৰী।

মনকৰিবলগীয়া যে,দীৰ্ঘদিন ধৰি সমগ্র নামনি অসমত সন্ত্রাসৰ সৃষ্টি কৰি আহিছিল দুৰ্ধৰ্ষ অপৰাধী ৰফিকুলে। আনকি অপৰাধীটোক গুলীয়াই হত্যা কৰাৰ দাবী কৰিছিল সন্ত্ৰস্ত ৰাইজে ৷ এই ধৃত ৰফিকুলেই শনিবাৰে পিষ্টলৰে নন্দন নাথ নামৰ এজন লোকক মূৰত আঘাত কৰিছিল।

ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শশাৰগাঁৱৰ প্ৰথমখণ্ডত শনিবাৰে পুৱাই অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীবৰ্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ।

উল্লেখ্য যে,কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ বাসগৃহৰ মাজত মাত্ৰ ১০০ মিটাৰৰ দূৰত্বত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷

উল্লেখ্য যে, শণিবাৰে পুৱাতে অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই হাতত মাৰাণাস্ত্ৰ লৈ শূন্যলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি জীবেশ ৰায়ৰ বাসগৃহৰ সন্মুখৰে পাৰ হৈ যোৱাৰ সময়তে মুখামুখি হয় যুৱক নন্দন নাথ নামৰ যুৱকজন ৷

পুৱা দৌৰিবলৈ অহা যুৱকজনে ৰাতিপুৱা তেওঁলোক ক’লৈ যায় বুলি সোধাত খৰ্গগস্ত হৈ দুৰ্বৃত্তৰ দলটো ৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈ তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে নন্দন নাথ পিষ্টল কুন্দাৰে উপযুপৰি প্ৰহাৰ কৰে। দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত এটা দাঁত ভাঙে নিৰীহ যুৱকজনৰ৷

ইপিনে তিনিজনীয়া দুৰ্বৃত্ত দলটোৰ দলবদ্ধ আক্ৰমণত ধৰাসায়ী হৈ প্ৰাণৰ মমতাত চিঞৰিবলৈ ধৰে ৷ পাছত যুৱকজনৰ সহায়ৰ বাবে বহুলোকে আগবাঢ়ি অহাত দুৰ্বৃত্তৰ দলতোৱে ৰাইজক ভীতিগ্ৰস্থ কৰিবলৈ শূন্যলৈ নিৰ্বিচাৰ গুলীচালনা কৰি সেই স্থানৰ পৰি পলায়ন কৰে ৷

দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ২০ বছৰীয়া নন্দন নাথক ৰাইজে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷

আনহাতে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত মহকুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্ত সন্ধানত অভিযান চলাই ৷ আৰক্ষীয়ে ঘটলাস্থলীৰ পৰা এটা খালি কাৰ্টিজ উদ্ধাৰ কৰে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি তোলে শশাৰগাঁও অঞ্চলত ৷ লগতে আৰম্ভ কৰিছিল মাৰাথন অভিযান ৷ অৱশেষত আৰক্ষী- চি আৰ পি এফৰ যৌথ অভিযানত জালত পৰে দুৰ্ধৰ্ষ অপৰাধ ৰফিকুল ইছলাম আৰু তাৰ অপৰাধ সংগী কেইটা ৷
ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version