Police Encounter:ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলী

police encounter

Police Encounter:

ৰাজ্যত পুনৰ সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা ৷ শিৱসাগৰৰ ডিমৌত আৰক্ষীৰ গুলীচালনাত আহত হয় এজন যুৱক। আলফাৰ লিংকমেনৰ সন্দেহত ১২ আগষ্টত আৰক্ষীয়ে আটক কৰিছিল ৰাজু আহমেদ নামৰ যুৱকজনক ৷

ডিমৌৰ ভেকেলাইৰ এটা নিৰ্জন পথেদি আৰক্ষীয়ে ধৃত ৰাজু আহমেদক নি থকা অৱস্থাত আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীচালনা কৰে ৷

বাঁও ভৰিৰ আঁঠুৰ তলত গুলী লগা ৰাজু আহমেদক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছে ।

Exit mobile version