Bjp Announces List Of Two State Candidate:ছত্তীশগড়, মধ্যপ্ৰদেশৰ প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

নিৰ্বাচন ঘোষণাৰ পূৰ্বে চমক

MODI

Bjp Announces List Of Two State Candidate:

চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা আজি বিজেপিয়ে ঘোষণা কৰে। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পূৰ্বেও এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে

ADVERTISEMENT

৯০ জনীয়া ছত্তীশগড় বিধানসভাৰ বাবে ২১ জন আৰু ২৩০ জনীয়া মধ্যপ্ৰদেশ সদনৰ বাবে ৩৯ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি, প্ৰাৰ্থী নিৰ্বাচন আৰু নিৰ্বাচনৰ কৌশল প্ৰস্তুতৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ বৈঠক অনুষ্ঠিত হোৱাৰ এদিন পিছতে এই ঘোষণা।

বিজেপি নেতৃত্বই প্ৰাৰ্থীৰ নাম বহু আগতীয়াকৈ ঘোষণা কৰাৰ অভূতপূৰ্ব সিদ্ধান্ত দলীয় আভ্যন্তৰীণ সংঘাত আগতীয়াকৈ চিনাক্তকৰণৰ লক্ষ্যৰে লোৱা বুলি চৰ্চিত হৈছে যাতে সমস্যাসমূহ বহু আগতীয়াকৈ সমাধান কৰিব পৰা যায়।

চলিত বৰ্ষৰ আৰম্ভণিতে কৰ্ণাটকত হোৱা ভোট গ্ৰহণৰ বিপৰ্যয়ৰ পিছত দলটোৱে আন এক বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পৰিবেশত নাই। নিৰ্বাচনমুখী ৫খন ৰাজ্যৰ ভিতৰত আছে ছত্তীশগড় আৰু মধ্যপ্ৰদেশ। তদুপৰি আছে তেলেংগানা, ৰাজস্থান আৰু মিজোৰাম।

Exit mobile version