APPC Fir In Guwahati CP:বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবীৰে এপিচিচিৰ এজাহাৰ

গুৱাহাটী আৰক্ষী আয়ুক্তক দাখিল এজাহাৰ

apcc 1

APPC Fir In Guwahati CP:

বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰে শাসনাধিষ্ঠ দলটোৰ কে’বাজনো নেতা- পালিনেতা জড়িত থকাৰ পাছতে শেহতীয়াকৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি।

শুক্ৰবাৰে এপিচিচিৰ উপ- সভানেত্ৰী প্ৰণতি ফুকন,ববিতা শৰ্মা,সাধাৰণ সম্পাদিকা ৰজলিনা তিৰ্কী আৰু বকোৰ বিধায়িকা নন্দিতা দাসে বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবীৰে এখন এজাহাৰ দাখিল কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাক

এপি চিচি নেত্ৰী চাৰি গৰাকীয়ে স্বাক্ষৰ কৰা এজাহাৰ খনত উল্লেখ কৰে যে,অসম প্রদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা অতি উদ্বিগ্নতাৰে প্ৰয়াত বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ প্ৰসংগৰে বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি এই কথা বহুলভাৱে চৰ্চিত যে ধনৰ বিনিময়ত চৰকাৰী চাকৰি যোগান ধৰাৰ নামত শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত এক গোপন বুজা বুজি চলি আছে।

যিয়ে শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত চলি থকা আভ্যন্তৰীণ দুর্নীতি স্পষ্টকৈ উদঙাই দিছে। যিহেতু চৰকাৰী চাকৰি যোগান ধৰাৰ নামত ধন লোৱা ব্যক্তি সকলৰ বিষয়ে আৰক্ষী বিভাগ অবগত। সেয়েহে তেওঁ লোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰি অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই এই কথা স্পষ্ট কৰিছে যে অসমৰ নাৰী সমাজৰ সুৰক্ষা আৰু মৰ্য্যদা সন্দৰ্ভত বিজেপি দল আৰু চৰকাৰ নিৰ্বিকাৰ। যিসকল ব্যক্তিয়ে প্রয়াত বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ ফটো, ভিডিঅ আৰু ফোন ক’ল আদি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল তেওঁ লোকৰ বিৰুদ্ধে চাইবাৰ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি কঠোৰ শান্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷

ইয়াৰোপৰি প্ৰয়াত বিজেপি নেত্ৰী তহবিলদাৰক যিসকল ব্যক্তিৰ কাৰুকাৰ্য্যই আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল সেই ব্যক্তি সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰি তেওঁ লোকক কৰায়ত্ত কৰি কঠোৰ শান্তিৰ ব্যৱস্থা কৰিব লাগে।

কোনোপধ্যেই যাতে দোষীয়ে হাত সাৰিবলৈ সক্ষম নহয় তাৰবাবে অসম আৰক্ষীয়ে অধিক ক্ষিপ্ৰতাৰে আৰু সক্ৰিয়তাৰে কাম কৰিব বুলি আশা কৰিলো।

যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ থাকে।

সেয়েহে বৰ্তমান অসম চৰকাৰৰ দিনত শাসনাধিষ্ঠ দলৰ সদস্য আৰু চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চাকৰি প্ৰদানৰ নামত অবাধ ধনৰ লেনদেনৰ মাজেৰে চলি থকা দুৰ্নীতি, ভ্ৰষ্টাচাৰ সমূহৰ বিপক্ষে আৰু এনে কাৰ্য্যত জড়িত সকলৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দুনীতি গ্ৰস্ত সকলক শাস্তি প্ৰদানৰ দাবী উদ্থাপন কৰে ৷

বৰ্তমানৰ ৰাজ্য চৰকাৰে যে ধনৰ বিনিময়ত চৰকাৰী চাকৰি প্ৰদানৰ এক অবাধ দুৰ্নীতিৰ আশ্ৰয় লৈছে সেই কথা ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা পৰিঘটনা ই স্পষ্টৰূপে প্ৰমাণিত কৰে।

সেয়েহে অসম আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্ত সকলক কৰায়ত্ত কৰি ৰাজ্য বাসীক আশ্বস্ত কৰিবলৈ আৰক্ষী আয়ুক্তক দাবী জনোৱা হয় ৷

Exit mobile version