Senior Bjp Leader Dhruba Baishya:ন-বিজেপি, পুৰণি বিজেপি বুলি প্ৰকৃততে সংঘাত নাইঃ বিজেপিৰ জ্যেষ্ঠ নেতা ধ্ৰুৱ বৈশ্য

dhurba baishya

Senior Bjp Leader Dhruba Baishya:

‘নতুন আহিব পুৰণি যাব, নতুনো এদিন পুৰণি হ’ব এইটো এটা প্ৰাকৃতিক নিয়ম’
‘নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ চৰকাৰ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ চৰকাৰ আমাৰ আদৰ্শক বাস্তৱায়িত কৰাৰ কামত আন্তৰিকতাৰে আগবাঢ়ি গৈছে’
‘অসমক দেশৰ ৫খন আগশাৰীৰ ৰাজ্যৰ তালিকাত পৰিণত কৰাৰ মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা, আমি সহযোগ আগবঢ়াব লাগে’

ন-বিজেপি, পুৰণি বিজেপি বুলি প্ৰকৃততে সংঘাত নাই। দল এটাত নতুন আহিবই, পুৰণিসকলেই যে সদায় থাকিব তেনে কোনো কথা নাই। কেৱল এটা ৰাজনৈতিক দল বুলিয়েই নহয় সামাজিক সংগঠন এটাই হওক, নিজৰ জীৱনতেই হওক বা প্ৰকৃতিৰ ক্ষেত্ৰতেই হওক নতুন আহিব পুৰণি যাব, নতুনো এদিন পুৰণি হ’ব এইটো এটা প্ৰাকৃতিক নিয়ম।

ন-পুৰণি বিজেপি সংঘাত সন্দৰ্ভত আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতা ধ্ৰুৱ বৈশ্যই। লগতে তেওঁ কয় যে, বিজেপি দলটো এটা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত দল। এই দলটোত ব্যক্তিগত লাভ লোকচানতকৈও আমাৰ আদৰ্শটো কিমান আগুৱাই নিব পাৰিছো সেই বিষয়টোতহে বেছি গুৰুত্ব দিওঁ। ১৯৯৫ চনত যেতিয়া নেতাগৰাকীয়ে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিজেপি দলত যোগদান কৰিছিল তেতিয়া স্বাভাৱিকতেই সেইসময়ত বহুতেই ভাবিছিল যে তেখেত বিজেপি দললৈ আহিব নোৱাৰে।

জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ যে সিদ্ধান্ত শুদ্ধ আছিল পৰৱৰ্তী সময়ত প্ৰতিপন্ন হৈছিল। যিসকলে বিজেপিৰ আদৰ্শটো বিশ্বাস কৰা নাছিল তেওঁলোকেও আজি দলৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰাত আনন্দিত বুলি মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতা ধ্ৰুৱ বৈশ্যই। দলৰ নীতি আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰ গঠন কৰাটো প্ৰয়োজনীয়। কিন্তু চৰকাৰ গঠন কৰিব পাৰিলেই যে ব্যক্তিগতভাৱে লাভান্বিত হ’ম বুলি স্ফূৰ্তি কৰিম তেনে মানসিকতা আমাৰ নাই বুলি মন্তব্য জ্যেষ্ঠ নেতাগৰাকীৰ।

তেওঁ কয়, আনন্দৰ বিষয় যে, বৰ্তমান নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ চৰকাৰ আমাৰ আদৰ্শক বাস্তৱায়িত কৰাৰ কামত আন্তৰিকতাৰে আগবাঢ়ি গৈছে। লগতে অসমক ভাৰতবৰ্ষৰ ৫খন আগশাৰী ৰাজ্যৰ তালিকাত পৰিণত কৰাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্ঠাত আমি সহযোগ আগবঢ়াব লাগে বুলি মত প্ৰকাশ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।

ব্যক্তিগতভাৱে কাৰো কথা উল্লেখ নকৰি তেওঁ কয় যে, বিজেপিত নতুন আৰু পুৰণি বুলি সামূহিকভাৱে কোনো সংঘাত নাই। ব্যক্তিগতভাৱে যদি কাৰোবাৰ সংঘাত আছে সেইটো ব্যক্তিগত পৰ্যায়ত আলোচনা কৰিবলৈ আহ্বান জনায় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

Exit mobile version