AASU Congratulations Special Event In Borajool:বৰাজোল আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত ৪২ গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

aasu

AASU Congratulations Special Event In Borajool:

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই আজি বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য, বিজ্ঞানৰ শিক্ষান্ত পৰীক্ষাত স্থান পাবলৈ সক্ষম হোৱা অঞ্চলটোৰ ৪২ গৰাকী ছাত্র-ছাত্রীক অভিনন্দন জনায় ৷

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে যিখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি এই স্থান পাবলৈ সক্ষম হ’ল সেই শিক্ষানুষ্ঠানৰ মুৰব্বীক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আছুনেতা তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদীপ ভাগৱতীয়ে নিজৰ ভাষণত কয় যে ছাত্ৰ-ছাত্ৰী সকল আমাৰ সম্পদ বুলি উল্লেখ কৰি শিক্ষাৰ্থীসকলে প্ৰথমে ভাল অসমীয়া,তাৰ পিছত ভাল ভাৰতীয় নাগৰিক আৰু বিশ্ব নাগৰিক হোৱাৰ পথলৈ যোৱাৰ আহ্বান জনায় । লগতে ছাত্ৰনেতাগৰাকী ভাষণ প্ৰসংগত কয় যে ছাত্ৰ-ছাত্ৰীক শিপা নাপাহৰিবলৈ নতুনসকলক শিপাৰ লগত সম্পৰ্কিত হৈ থকাৰ লগতে ভাল কাম কৰিবলৈ আৰু পিতৃ-মাতৃ, মাতৃভুমি আৰু মাতৃ ভাষাক মনণ ৰাখিবলৈ আহ্বান জনায়।

বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জীৱন জ‍্যোতি ডেকাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে ক্ৰমে ভাৰপ্ৰাপ্ত সম্পাদক হীৰকজ‍্যোতি দাস আৰু শিক্ষা সম্পাদক বিকাশ বৰ্মনে ।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজদ্দিন আহমেদ, অসম সেনাৰ কেন্দ্ৰীয় নেতা কন্দৰ্প শৰ্মা, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ‍্যোতি পাঠক,নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, বৰাজোল হাইস্কুলৰ অধ‍্যক্ষ ৰমণী কুমাৰ দাস আদিয়ে কৃতিমান ছাত্র -ছাত্ৰী সকলক নিজৰ লগতে ভৱিষ্যতে অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰাৰ আহ্বান জনায়।
সভাখনত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতা, উপসভাপতি উৎপল কলিতা, কল্প ৰাজবংশী, সাংগঠনিক সম্পাদক হীৰকজ‍্যোতি শৰ্মা, মিলন দাস,অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল লগতে পাঁচশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানত উপস্থিত থাকে । সভাখনৰ কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে কথাশিল্পী অনুপ ডেকাই।

Exit mobile version