Dhubri Double Murder: ধুবু্ৰীত চাঞ্চল্যকৰ ঘটনা

পুনৰ সংঘটিত ডাবল মাৰ্ডাৰ, শোৱা পাটীতে নৃশংসভাৱে হত্যা স্বামী-স্ত্ৰীক

duble murder case

Dhubri Double Murder:

ৰঙিয়াৰ ডাবল মাৰ্ডাৰ চাঞ্চল্যকৰ ঘটনা মাৰ নৌযাওঁতেই এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ধুবুৰীত ৷ জিলা খনৰ বিলাসীপাৰাত কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে স্বামী-স্ত্ৰীক হানি-খুচি নৃশংসভাৱে হত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ মতে ,বিলাসীপাৰাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটি গাঁৱত নিজ বাসগৃহতে শুই থকা অৱস্থাতে দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা স্বামী-স্ত্ৰী হাল হ’ল শ্বাহজালাল হুছেইন আৰু নাৰ্জিনা বেগম ৷ শ্বাহজালাল হুছেইন বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ত মহৰি হিচাপে নিয়োজিত হৈ আছিল ৷

উল্লেখ্য যে,নৃশংসতাৰ বলি হোৱা দম্পত্তি হালৰ একমাত্ৰ কন্যাই গুৱাহাটীত শিক্ষা গ্ৰহণ কৰি আছিল। যোৱা নিশা পিতৃলৈ আন দিনাৰ দৰে ফোন কৰিছিল। কিন্ত কোনো সহাৰী নোপোৱাত ওচৰৰ আত্মীয়ক ঘৰলৈ যাবলৈ দিয়ে ৷ সেই অনুসৰি আত্মীয় ঘৰলৈ আহি ভিতৰৰ পৰা ঘৰৰ দৰ্জা বন্ধ পাই কেইবাবাৰো নাম লৈ চিঞৰাত কোনো সহাৰী নেপায় পিছত খিৰিকীৰে ভিতৰলৈ জুমি যোৱাত প্ৰত্যক্ষ কৰে যে তেজেৰে তুমৰলি হৈ স্বামী-স্ত্ৰী শুৱা পাটিত পৰি আছে ৷

পাছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া বৰ্গ উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে ৷

কোনে কি কাৰণত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে এই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষী নিশ্চিত যে শীৰ্ঘেই জালত পৰিব হত্যাকাৰী ৷

Exit mobile version