Boragaon Murder:গুৱাহাটীৰ বৰাগাঁৱত লোমহৰ্ষক ঘটনা

অবৈধ প্ৰেমই কাল হ’ল এটা পৰিয়ালৰ, প্ৰেমিকৰ স্বামী আৰু দুই সন্তানক আক্ৰমণ অবৈধ প্ৰেমিকৰ, প্ৰেমিকাক ঘপিয়াই হত্যা কৰি প্ৰেমিকৰ আত্মহত্যা

boragaon murder main 2

Boragaon Murder:

গুৱাহাটী মহানগৰীৰ বৰাগাঁওত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ অবৈধ প্ৰেমে এটা পৰিয়াললৈ নমাই আনিলে অমানিশা ।

পৰকীয়া প্ৰেমিকে প্ৰেমিকাক ঘপিয়াই নৃশংসভাৱে হত্যা কৰিও ক্ষান্ত নাথাকি প্ৰেমিকাৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ কৰি নিজেই আত্মহত্যা হত্যা কৰে ৷
আত্মহননৰ পথ বাচি লোৱা অবৈধ প্ৰেমিকজনৰ নাম নিৰঞ্জন গোহাঁই আৰু প্ৰেমিকৰ আক্ৰমণত নিহত মহিলা গৰাকীৰ নাম ৰীতা দাস ৷

এই জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ বৰাগাঁও অঞ্চলত ৷ প্ৰাপ্ত খবৰ অনুসৰি পৰকীয়া প্ৰেমিক নিৰঞ্জনে বিবাহিতা প্ৰেমিকা ৰীতা দাসৰ পৰিয়ালক নি:শেষ কৰাৰ উদ্দেশ্যৰে দেওবাৰে নিশা ৰীতাৰ বাসগৃহত উপস্থিত হৈ প্ৰথমে পোহনীয়া কুকুৰটোক ৰ’ডৰে মৰিয়াই হত্যা কৰি তাৰ পাছতে প্ৰেমিকাৰ দুই সন্তানক ৰ’ডৰে উপযুপৰি প্ৰহাৰ কৰি ধৰাসায়ী কৰে ৷

ইয়াৰ পাছতে প্ৰেমিকাৰ স্বামী অৱণী দাসক উপৰ্যুপৰি লোহাৰৰ পাইপৰে আক্ৰমণ কৰাত ৰীতা দাসে স্বামীক বচাবলৈ আঁহোতেই এইবাৰ নিৰঞ্জনে ৰীতাক লোহাৰৰ পাইপ আৰু ডেগাৰেৰে নৃশংসভাৱে ঘপিয়াই হত্যা কৰে ৷ আনহাতে প্ৰেমিকাৰ পৰিয়ালক আক্ৰমণ কৰি একেই কোঠালীতে আত্মহত্যা কৰে প্ৰেমিক নিৰঞ্জনে ৷

উল্লেখ্য যে, তেৰবছৰ পূৰ্বে অৱনী দাসৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল ৰীতা দাস ৷ স্বামী- স্ত্ৰীৰ সুখৰ সংসাৰ চলি থকাৰ মাজতে তিনিবছৰৰ পৰা ৰীতাৰ পৰকীয়া প্ৰেম আৰম্ভ হয় নিৰঞ্জন গোঁহাই নামৰ যুৱকজনৰ স’তে ৷

 

আনকি তিনিমাহ পূৰ্বে ৰীতা আৰু নিৰঞ্জনে স্বামী আৰু দুই কণমানি সন্তানক অতি নিৰ্মমভাৱে মাৰধৰ কৰি হাত-ভৰি ভাঙি পলায়ন কৰিছিল ৷ অৱশ্যে কিছুদিনৰ পাছতে ৰীতাই অবৈধ প্ৰেমিকক এৰি পুনৰ স্বামীগৃহলৈ উভতি আহে ৷

সন্দেহ কৰা মতে,ইয়াতে ক্ষুব্ধ হৈ নিৰঞ্জনে যোৱা নিশা প্ৰেমিকা আৰু পৰিয়ালক নি:শেষ কৰাৰ উদ্দেশ্যৰে জঘন্য ঘটনা সংঘটিত কৰি নিজেই আত্মহননৰ পথ বাচি লয় ৷

নিশাই  ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুত্বভাৱে আহত অৱনী দাস আৰু দুই কণমানি সন্তানক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইয়াৰে এটি কণমানিৰ অৱস্থা অতি সংকটজনক ৷

আনহাতে আৰক্ষীয় মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে নিৰঞ্জন গোঁহাই বিবাহিতা ৷ তেওঁৰ পত্নী থাকে শিলচৰত ৷ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ কৰাৰ নজিৰ আছে নিৰঞ্জনৰ ৷ নিজৰ পিতৃকো দাৰে ঘপিয়াই মুমুষ অৱস্থাত এৰি পলায়ন কৰিছিল ৷ বৰাগাঁৱত নিশা সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

Exit mobile version