Modi’s Visit to Greece And Adani’s Eyes At SeaPort:মোদীৰ গ্ৰীচ ভ্ৰমণ আৰু আদানিৰ চকু সাগৰীয় বন্দৰত

pm modi 2

Modi’s Visit to Greece And Adani’s Eyes At SeaPort:

সংসদত ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যিকোনো বিদেশ ভ্ৰমণৰ পিছত তেওঁৰ উদ্যোগপতি বন্ধু গৌতম আদানীয়ে সেই দেশতে কিবা এটা চুক্তি সম্পন্ন কৰে।

এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গ্ৰীচ ভ্ৰমণৰ পিছত আদানী গ্ৰুপে গ্ৰীচৰ সাগৰীয় সমূহ অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে বুলি কোৱা হৈছে ।

গ্ৰীচৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে মোডীৰ বৈঠকত ভাৰতে গ্ৰীচৰ কেইবাটাও সাগৰীয় বন্দৰ অধিগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কাৰণ আদানী গ্ৰুপ ইয়াৰ প্ৰতি আগ্ৰহী। এই বন্দৰ দুটাই প্ৰথমে আদানী গোটৰ দৃষ্টি আকৰ্ষণ কৰে।

গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছক নৰেন্দ্ৰ মোডীয়ে কয় যে ইউৰোপলৈ সামগ্ৰী প্ৰেৰণ কৰাৰ গ্ৰীচ হব পাৰে gateway।

দক্ষিণ আফ্ৰিকাত ব্ৰিকছ সন্মিলনৰ পাছত গ্ৰীচ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। চল্লিশ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰী গ্ৰীচলৈ যায়। এই বিদেশ ভ্ৰমণৰ বাবেই চন্দ্ৰযানৰ চন্দ্ৰত অৱতৰণৰ সময়ত মোডী ভাৰতত থাকিব নোৱাৰিলে।

শনিবাৰে পুৱা গ্ৰীচৰ পৰা পোনপটীয়াকৈ বাংগালুৰুৰ ইছৰোত উপস্থিত হয়। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে ঠাট্টা কৰি কয় যে হয়তো এই কাৰণেই প্ৰধানমন্ত্ৰীয়ে আগতে বেংগালুৰুত উপস্থিত হ’ব পৰা নাছিল।

গ্ৰীচৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সেই দেশৰ সংবাদ মাধ্যমে কয় যে মোদীয়ে গ্ৰীচ কেনেকৈ ভাৰতৰ ইউৰোপলৈ সামগ্ৰী সৰবৰাহৰ ‘ট্ৰেনজিট হাব’ হ’ব পাৰে সেই বিষয়ে দৃষ্টি দিছে। আদানী গোটটোৱে প্ৰথম অৱস্থাত দুটা বন্দৰৰ ওপৰত চকু দিছে। প্ৰথমটো কাভালা, দ্বিতীয়টো ভোলছ ।

আদানি গ্ৰুপে আন এটা বন্দৰ আলেকজেণ্ড্ৰৌপলিকো চকু ৰাখিছে। এই বন্দৰবোৰ ভাৰতৰ হাতলৈ আহিলে সংযুক্ত আৰব আমিৰশ্বাহী বাইজৰাইল হাফিয়াৰ বন্দৰৰ জৰিয়তে ভাৰতীয় সামগ্ৰীয়ে ইউৰোপৰ বজাৰত সহজে প্ৰৱেশ কৰিব পাৰিব।

মোডীৰ ভ্ৰমণৰ পিছত গ্ৰীচৰ সংবাদ মাধ্যমত আদানী গ্ৰুপে গ্ৰীচৰ বন্দৰত বিনিয়োগ কৰাৰ সম্ভাৱনাৰ খবৰ ওলাইছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ কোনেও এই বিষয়ে কোনো কথা কোৱা নাছিল। এই খবৰ ভুল বুলিওঁ দাবী কৰা নাছিল।

বিৰোধী শিবিৰে কৈছে যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে যদি আদানী গোটে গ্ৰীচৰ বন্দৰটো অধিগ্ৰহণ কৰে তেন্তে বিৰোধীয়ে নতুন অস্ত্ৰ লাভ কৰিব। আদানী গোটে মোডীৰ দিনত এই দেশৰ কেইবাটাও বন্দৰ আৰু বিমানবন্দৰ অধিগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে মোডীৰ ইজৰাইল, শ্ৰীলংকা, বাংলাদেশ ভ্ৰমণৰ পিছত সেই দেশসমূহত আদানী গ্ৰুপক ঋণ দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

Exit mobile version