Tamulpur Flood:
কি উজনি,কি নামনি ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ভদীয়া বানৰ তাণ্ডৱ ৷ বিটিআৰৰ তামুলপুৰত বানে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ব্যাহত কৰিছে জনজীৱন ৷
ইয়াৰ মাজতে কালানদীৰ বাঢনি পানীয়ে উটুৱাই নিলে কালানদীৰ ওপৰত থকা জালাহ ৰোডৰ দলঙৰ একাংশ ৷ ফলত দুয়োপাৰৰ অঞ্চল সমূহৰ বাবে যাতায়তৰ অন্যতম উপায় দলংখন উটাই নিয়াত বিচ্ছিন্ন হয় যাতায়ত ব্যৱস্থা ৷
উল্লেখ্য যে, জালাহ ৰোডৰে দৰংগা নদীৰ দলঙখনো বিগত জুন মাহৰ বানে উটুৱাই নিছিল বাঢনি পানীয়ে ৷
যোৱা কেবাদিনো দি থকা মুষলধাৰ বৃষ্টিপাতৰ ফলত ভূটানৰ পৰা বৈ অহা পানীয়ে উফন্দি পেলাইছে কালানদী আৰু দৰংগা নদী ৷ ফলস্বৰূপে দুয়োখন নদীৰ ওপৰতে থকা দলং কেইখন বাঢনি পানীয়ে উটুৱাই নিয়ে ৷
ইতিমধ্যে লোকনিৰ্মাণ বিভাগৰ বিষয়াসহ মহকুমাধিপতি উটুৱাই নিয়া দুয়োখন দলং পৰিদৰ্শন কৰিছে ৷ স্থানীয় বানপীড়িত ৰাইজে শীৰ্ঘেই ভগ্নপ্ৰায় দলং দুখন মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰিবলৈ দাবী জনাই ৷