Mother-Daughter Drugs Paddiling :মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা

শিলপুখুৰীত ৰাইজে ড্ৰাগছ সহ হাতে-লোটে ধৰে মাতৃ-কন্যাক

drugs

Mother-Daughter Drugs Paddiling :

উত্তৰ- পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰ দিনক দিনে বৃদ্ধি পাছতে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে যদিও সংগোপনে অব্যাহত ড্ৰাগছ সৰবৰাহ ৷

এইবাৰ ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত অৱতীৰ্ণ হৈছে মহিলা আৰু কলেজীয়া ছাত্ৰী। বৃহস্পতিবাৰে শিলপুখুৰীৰ নৱগ্ৰহ মন্দিৰৰ সমীপত ৰাইজে বিশেষ সূত্ৰৰ পমখেদি এটা ঘৰৰ পৰা ড্ৰাগছ সহ হাতে-লোটে কৰায়ত্ব কৰে মাতৃ-কন্যাক ৷

ধৃত মহিলাগৰাকীৰ পৰা উদ্ধাৰ হয় কেইবাটাও ড্ৰাগছভৰ্তি কণ্টেইনাৰ। উল্লেখ্য যে, কলেজত অধ্যয়নৰত নিজৰ জীয়ৰীৰ জৰিয়তে মহিলা গৰাকীয়ে সংগোপনে বেহা অব্যাহত ৰাখিছিল ড্ৰাগছৰ ৷ ৰাইজে পাছত মাতৃ-কন্যাক গতাই দিয়ে চান্দমাৰী আৰক্ষী থানাত।

Exit mobile version