Gossaigaon:উচাটাৰি আমিনকাটাত পানী যোগান আচনিৰ নিৰ্মাণ কাৰ্য্যত ব্যাপক অনিয়মৰ অভিযোগ

water supply scheme

Gossaigaon:

গোসাঁইগাঁও মহকুমাৰ উচাটাৰি আমিনকাটাত গোসাঁইগাঁও জনস্বাস্থ্য আৰু কাৰিকৰী উপ-সংমণ্ডলৰ অন্তৰ্গত উচাটাৰি আমিনকাটা পানী যোগান আচনিত চলি থকা নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।

ৰাইজে অভিযোগ কৰা মতে আচনিৰ নিৰ্মাণ কাৰ্য্যত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে । পানীৰ ফিল্টাৰ,গৃহ আৰু বাউণ্ডেৰী ৱালত সঠিকভাৱে সামগ্ৰী ব্যৱহাৰ নকৰি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। ইয়াৰ উপৰিও পানীৰ ফিল্টাৰ নিৰ্মাণৰ সময়ত ভাঙি গৈছিল যদিও নামমাত্ৰ মেৰামতি কৰিয়ে দায়িত্ব সামৰিছিল ৷

ৰাইজে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,বিটিআৰৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, ই এম উকীল মুছাহাৰীক সঠিক তদন্ত কৰি আচনিটো সঠিকভাৱে নিৰ্মাণ কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ দাবী জনায়।

Exit mobile version