Laptop Worth Rs 2.5 lakh to MLA:অৰ্থ সংকটৰ মাজতো বিলাসিতাৰ অন্য নাম হৈ পৰিছে অসম বিধানসভা-চৰকাৰ

বিধায়কলৈ আঢ়ৈ লাখটকীয়া লেপটপ, দুবছৰ পাছতে ডেৰ কোটি টকাৰে মন্ত্ৰীৰ বাসগৃহ মেৰামতিৰ নিবিদা জাৰি

assembly

Laptop Worth Rs 2.5 lakh to MLA:

বিধানসভাৰ সচিবালয়ে কোনো কার্পণ্য কৰা নাই। বৰ্তমানৰ চৰকাৰৰ দিনত বিধানসভাত চলা বিলাসিতাৰ চৰ্চা ইয়াৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলোৰে মুখে মুখে। বিধানসভাৰ চৌহদক বৰ্তমানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দিনত যিধৰণে সজাই তোলা হৈছে তাক লৈ চর্চা আজিও অব্যাহত আছে।

এইবাৰ চৰ্চা চলিছে যে বিধায়কসকলক দিয়া অতি মূল্যবান লেপটপক লৈ।বিধানসভাৰ কাম- কাজক অনলাইন ব্যৱস্থাৰে অধিক গতি দিয়াৰ উদ্দেশ্য লৈ যোৱা ৩১ আগষ্টত বিধায়কসকলক প্ৰদান কৰা হয় একোটাকৈ লেপটপ। একেদিনাই দিয়া হয় একোটাকৈ চৰাইৰ বাহ। অৱশ্যে এতিয়ালৈকে সকলো বিধায়কে অধ্যক্ষৰ এই উপহাৰ সংগ্ৰহ কৰা নাই।

চৰ্চা হৈছে লেপটপৰ মূল্যক লৈ। বিধায়কসকলক দিয়া চীনত নিৰ্মিত ‘এইছ পি’ লেপটপ একোটাৰ মূল্য ২,৪৮,৯৯০ টকা। লেবেলত যোৱা এপ্রিলত নির্মিত বুলি উল্লেখ থকা লেপটপবোৰ অহা ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ অধিবেশনৰ পূৰ্বে সকলো বিধায়কক প্রদান কৰা হ’ব। ইতিমধ্যে সকলো বিধায়কৰ বাবে লেপটপ ক্ৰয় কৰা হৈছে আৰু ইয়াৰ বাবে ব্যয় কৰা হৈছে ৩.১৩ কোটিৰ অধিক টকা।

এই অতি মূল্যৱান লেপটপ বিনামূলীয়াকৈ লাভ কৰি বিধায়ক সকলো উৎফুল্লিত। অৱশ্যে ইয়াৰ অত্যধিক মূলাক লৈ তেওঁলোকৰ বেছিভাগে দোধোৰ-মোধোৰ অৱস্থাতো আছে। অত্যুৎসাহী দুই-এক বিধায়কে লেপটপটো নি গুৱাহাটীৰ একাধিক প্রতিষ্ঠানতো দেখুৱাইছে ।

এনেনো কি বিশেষত্বৰ বাবে লেপটপসমূহ মূল্য ইমান বেছি হৈছে সেয়া জনাৰ উৎসুকতাই বেছিভাগকে খেদি ফুৰিছে। তেনে অত্যুৎসাহৰ বাবে লেপটপ আৰু অন্যান্য ইলেক্ট্ৰ’নিকছ সামগ্ৰী বিক্ৰী কৰা বহুল পৰিচিত মহানগৰীৰ এখন প্ৰতিষ্ঠানলৈও দুই-একে গৈছে ।

তাৰ পৰা লাভ কৰা তথ্য অনুসৰি, লেপটপবোৰৰ মূল্য হেনো ইমান বেছি হ’ব নোৱাৰে। বিৰোধীৰ এজন বিধায়কে দিয়া তথ্য অনুসৰি, প্ৰতিটো লেপটপৰ মূল্য সৰ্বাধিক ৭০ হেজাৰ টকাহে হ’ব লাগে। আনকি একেলগে ইমানবোৰ লেপটপ ক্ৰয় কৰাৰ বাবেও মূল্য কম হোৱাৰ সম্ভাৱনা বিধায়কজনে ব্যক্ত কৰে।

সম্পূৰ্ণৰূপে বিধানসভা সচিবালয়ৰ সিদ্ধান্তৰ ভিত্তিত বিধায়কক লেপটপ প্রদান অব্যাহত থকা বুলিও বিধায়কৰ সূত্ৰটোৱে জনায়। এই প্রসংগতে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই লেপটপ প্রদানক আদৰণি জনাই কয় যে ই- বিধানসভা ব্যৱস্থাটোক এই পদক্ষেপে গতি দিব।

#ডেৰ কোটিৰে মেৰামতি মন্ত্ৰীৰ বাসগৃহ

বিধানসভানো কি, বিলাসিতা বাঢ়িছে চৰকাৰতো। শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগ (গৃহ)ৰ গুৱাহাটী দুই নম্বৰ চক্ৰই দুজন মন্ত্ৰীৰ চৰকাৰী আৱাস মেৰামতি কৰাক লৈ আহ্বান কৰা নিবিদায়ো ব্যাপক চৰ্চা লাভ কৰিছে।

মাত্ৰ দুবছৰ পূৰ্বে মেৰামতিৰ পাছত পুনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা আৱাসৰ বাসিন্দা মন্ত্রীদ্বয় হ’ল স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ। নিবিদাত উল্লেখ কৰা অনুসৰি, মন্ত্ৰী মহন্তৰ আৱাসটোৰ মেৰামতিৰ আনুমানিক মূল্য ধাৰ্য কৰা হৈছে ১,৪৯,৯৯,৯৮৬ টকা।

   মন্ত্ৰী কিষাণৰ আৱাসটোৰ মেৰামতিৰ মূল্য ধাৰ্য কৰা হৈছে ১,৪৯,৯৯,৯৯৭ টকা। নিবিদাত উল্লেখ কৰা অনুসৰি, অসম লোকনিৰ্মাণ বিভাগৰ পঞ্জীয়ন থকা প্ৰথম শ্ৰেণীৰ অভিজ্ঞতা সম্পন্ন ঠিকাদাৰকহে এই কামৰ বাবে বাছনি কৰা হ’ব।

উল্লেখ্য যে মহন্তৰ দিছপুৰস্থ আৱাসটোৰ নম্বৰ হ’ল মন্ত্ৰী কল’নীত থকা এম-১১ আৰু কিষাণৰ আৱাসটোৰ নম্বৰ হ’ল নতুন মন্ত্ৰী কল’নীত থকা এম-৭। দিছপুৰত হোৱা চৰ্চা অনুসৰি বৰ্তমানৰ চৰকাৰৰ বহু কাম নিবিদা অবিহনেই কৰা হয়। কাম আধা হোৱাৰ পাছতহে নিবিদা আহ্বান কৰা হয়।

Exit mobile version