Minor Allegedly Gangraped And Murder:ডিব্ৰুগড়ত জঘন্য কাণ্ড ! কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা

চাৰি নৰপিশাষক গ্ৰেপ্তাৰ আৰক্ষীৰ

dibrugarh

Minor Allegedly Gangraped And Murder:

ডিব্ৰুগড়ৰ বাণীপুৰত জঘন্য কাণ্ড৷ এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি পাছত নৃশংসভাৱে হত্যা কৰা লোমহৰ্ষক ঘটনা এটাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে নিশা ডিব্ৰুগড়ৰ বাণীপুৰত এটা বাসগৃহৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী কিশোৰীৰ মৃতদেহ ৷ ইয়াৰ পাছতে বাণীপুৰ অঞ্চলত হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিএম চি এইচলৈ প্ৰেৰণ কৰে ৷

আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত আৰম্ভ কৰি লাভ কৰা তথ্য অনুসৰি কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা কোঠালিটোত দেওবাৰে নিশা কে’বাজনো যুৱকে পাৰ্টি কৰিছিল সুৰা আৰু ভাঙৰে ৷

আৰক্ষীয়ে তথ্য লাভ কৰি ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰে চাৰি যুৱকক৷ আৰক্ষীৰ মাৰাথন জেৰাত যুৱকে কেইজনে স্বীকাৰোক্তি দিয়া মতে,নিশা যুৱক কেইজন সুৰামত্ত হৈ দলবদ্ধ ধৰ্ষণ কৰি পাছত ডিঙিত চেপা দি হত্যা কৰি ওলমাই ৰাখিছিল ৷

এই ঘটনাৰে আন কে’বাজনো যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী  ৷

Exit mobile version