Woman Cop of Paltanbazar Police Station Missing:
মহানগৰীত অঘটন ৷ পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন। সন্ধানহীন মহিলা কনিষ্টবল গৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে । মহিলা কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা। ঘৰ নগাঁৱৰ বঢ়মপুৰত। চাৰিবছৰ ধৰি গুৱাহাটীত নিয়োজিত হৈ আছিল কনিষ্টবল গায়ত্ৰী হাজৰিকা ৷
উল্লেখ্য যে, মহানগৰীৰ বৰবাৰীৰ শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত হৈ আছিল গায়ত্রী। শিলসাঁকো উচ্ছেদ স্থলীত ডিউটি নকৰোঁ বুলি উৰ্ধতম বিষয়াক কে’বাবাৰো কৰিছিল অৱগত ৷ কিন্ত কৰ্তৃপক্ষই শিলসাঁকোত অব্যাহত থকা উচ্ছেদ স্থলীত ডিউটিত নিয়োগ কৰে ৷ শিলসাকোঁৰ উচ্ছেদস্থলীত বিগত চাৰিদিন ধৰি কৰ্তব্যত উপস্থিত থাকে যদিও আজি অনুপস্থিত আছিল ৷
প্ৰাপ্ত খবৰ অনুসৰি গায়ত্রী হাজৰিকা বহুদিন ধৰি জণ্ডিছ ৰোগত আক্ৰান্ত হৈ আছিল ৷
ইয়াৰ মাজতে মঙলবাৰে শৰাইঘাট দলংত উদ্ধাৰ হয় গায়ত্রী হাজৰিকাৰ ম’বাইল আৰু চুইচাইড নোট সহ কে’বাপদ সামগ্ৰী ৷ ইতিমধ্যে গায়ত্রীৰ সন্ধানত নদী আৰক্ষী আৰু এছ ডি আৰ এফে চলাইছে অভিযান ৷
আনহাতে গায়ত্রী হাজৰিকাৰ নিখোজ সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই পল্টন বজাৰ আৰক্ষী।