Woman Cop of Paltanbazar Police Station Missing:পল্টনবজাৰ আৰক্ষী থানাৰ মহিলা আৰক্ষী সন্ধানহীন।

শিলসাঁকো উচ্ছেদ স্থলীত ডিউটি নকৰোঁ বুলি উৰ্ধতম বিষয়াক কৰিছিল অৱগত, শৰাইঘাট দলঙত উদ্ধাৰ গায়ত্রীৰ ম'বাইল সহ ছুইচাইড নোট

paltan bazar police

Woman Cop of Paltanbazar Police Station Missing:

মহানগৰীত অঘটন ৷ পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন। সন্ধানহীন মহিলা কনিষ্টবল গৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে । মহিলা কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা। ঘৰ নগাঁৱৰ বঢ়মপুৰত। চাৰিবছৰ ধৰি গুৱাহাটীত নিয়োজিত হৈ আছিল কনিষ্টবল গায়ত্ৰী হাজৰিকা ৷

উল্লেখ্য যে, মহানগৰীৰ বৰবাৰীৰ শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত হৈ আছিল গায়ত্রী। শিলসাঁকো উচ্ছেদ স্থলীত ডিউটি নকৰোঁ বুলি উৰ্ধতম বিষয়াক কে’বাবাৰো কৰিছিল অৱগত ৷ কিন্ত কৰ্তৃপক্ষই শিলসাঁকোত অব্যাহত থকা উচ্ছেদ স্থলীত ডিউটিত নিয়োগ কৰে ৷ শিলসাকোঁৰ উচ্ছেদস্থলীত বিগত চাৰিদিন ধৰি কৰ্তব্যত উপস্থিত থাকে যদিও আজি অনুপস্থিত আছিল ৷

প্ৰাপ্ত খবৰ অনুসৰি গায়ত্রী হাজৰিকা বহুদিন ধৰি জণ্ডিছ ৰোগত আক্ৰান্ত হৈ আছিল ৷
ইয়াৰ মাজতে মঙলবাৰে শৰাইঘাট দলংত উদ্ধাৰ হয় গায়ত্রী হাজৰিকাৰ ম’বাইল আৰু চুইচাইড নোট সহ কে’বাপদ সামগ্ৰী ৷ ইতিমধ্যে গায়ত্রীৰ সন্ধানত নদী আৰক্ষী আৰু এছ ডি আৰ এফে চলাইছে অভিযান ৷

আনহাতে গায়ত্রী হাজৰিকাৰ নিখোজ সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই পল্টন বজাৰ আৰক্ষী

Exit mobile version