910 MW Power Deficit In a Day:এদিনতে ৯১০ মেগাৱাট বিদ্যুৎ ঘাটি

লোডশ্বেডিঙৰ গ্ৰাসত ৰাজ্য, চাহিদা ২৫৪০ মেগাৱাট, এপিডিচিএলে যোগান ধৰিছে ১৬৩০ মেগাৱাট, বিদ্যুৎ ঘাটিৰ কাৰণ জনোৱাৰ অৱকাশ পোৱা নাই বিদ্যুৎ কোম্পানীয়ে, নিৰুত্তৰ শক্তিমন্ত্রী নন্দিতা গাৰ্লোচা, বিদ্যুৎ যোগানত ব্যৰ্থ ৰাজ্য চৰকাৰ, এপিডিচিত্রল অকর্মণ্য : আছু

nandita Gorlosa

910 MW Power Deficit In a Day:

মঙলবাৰে দিনটোত সৰ্বোচ্চ তাপমাত্রা ৪০ ডিগ্রী ছেলচিয়াছলৈ উর্ধ্বগামী হোৱাৰ দিনটোতে ৰাজ্যত বিদ্যুৎ ঘাটি বৃদ্ধি পাইছে অভিলেখ সংখ্যক ৯১০ মেগাৱাটলৈ। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত বিদ্যুতৰ সৰ্বমুঠ চাহিদা ২৫৪০ মেগাৱাটলৈ বৃদ্ধি পোৱাৰ বিপৰীতে এপিডিচিএলে চাহিদা অনুপাতে বিভিন্ন উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আনি যোগান ধৰিব পাৰিছে মাথোঁ ১৬৩০ মেগাৱাটহে।

মঙলবাৰে বিদ্যুৎ ঘাটিৰ পৰিমাণ ৯১০ মেগাৱাটলৈ বৃদ্ধি পাইছে। বিগত দুটা পষেক ধৰি অব্যাহত থকা সঘন লোডশ্বেডিঙৰ ধাৰা অক্ষুণ্ণ ৰাখি কালি আৰু আজিৰ দিনটোতো সমগ্র ৰাজ্যজুৰি ব্যাপক হাৰত বিদ্যুৎ কৰ্তনৰে অতিষ্ঠ কৰি তুলিছে জনজীৱন। প্রচণ্ড গৰমৰ বাবে ৰাজ্যত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে ৷

যদিও দিন যোৱাৰ লগে লগে বিদ্যুৎ সংকটৰ পৰিস্থিতিৰ আৰু অধিক অবনতি ঘটাহে পৰিস্ফুট হৈছে। সমগ্ৰ ৰাজ্যজুৰি লোডশ্বেডিং অব্যাহত থকাত এপিডিচিএলৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে অব্যাহত ক্ষোভ।

বিগত দুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকে ধৰি সৰ্বসাধাৰণ জনতাই প্রতিবাদ অব্যাহত ৰখাৰ সময়তো পিছে বিদ্যুৎ সংকটৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়া উপভোক্তা ৰাইজক জনোৱাৰ প্রয়োজন বোধ কৰা নাই এপিডিচিএল কর্তৃপক্ষই ।

ৰহস্যজনকভাবে এই বিষয়টো সদৰ্ভত স্থিতি স্পষ্ট কৰাৰ পৰা বিৰত আছে ৰাজ্যৰ শক্তিমন্ত্রী নন্দিতা গলোছাও।

#বিদ্যুৎ যোগানত ব্যৰ্থ ৰাজ্য চৰকাৰ, এপিডিচিত্রল অকর্মণ্য : আছু

ৰাজ্যজুৰি ব্যাপক হাৰত লোডশ্বেডিঙ অব্যাহত থকাৰ সময়তো এই বিষয়টো সমাধানৰ তিলমানো আগ্রহ প্রদর্শন নকৰা এপিডিডিএলৰ বিৰুদ্ধে আজিও বিভিন্ন দল-সংগঠনে ব্যাপক প্রতিবাদ সাব্যস্ত কৰিছে।

সদৌ অসম ছাত্র সন্থাই বিদ্যুৎ যোগানত ব্যর্থ হোৱা ৰাজ্য চৰকাৰক আজি ক্ষুৰধাৰ সমালোচনাৰ লগতে এপিডিডিএলক চূড়ান্ত অকর্মণ্য কোম্পানীৰূপে চিহ্নিত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃত্তিযোগে কয়, ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ জনসাধাৰণক নিয়মীয়াকৈ বিদ্যুৎ যোগানত ব্যর্থ হৈছে।

এপিডিসিএলে চূড়ান্ত অকর্মণ্যতা প্রদৰ্শন কৰিছে। ফলত সঘন লোডশ্বেডিঙে ৰাজ্যখনৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। ছাত্ৰ সন্থাৰ স্পষ্ট – অসম চৰকাৰ তথা এপিডিডিএল নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে শীঘ্রেই ফলপ্রসূ পদক্ষেপ গ্ৰহণ কৰক।

ইফালে, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই বিবৃতিটোত কয়, “নিয়মীয়া বিদ্যুৎ যোগানত অসম চৰকাৰ আৰু এপিডিচিএলৰ অকর্মণ্যতাৰ প্ৰতিবাদত ৰাইজে ৰাজপথলৈ ওলাই আহিছে। ছাত্ৰ সন্থাৰ বিভিন্ন গোটে ৰাইজৰ অভিভাৱকত্বত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রতিবাদ সাব্যস্ত কৰিছে। বিবৃতিটোত আছু নেতাদ্বয়ে পুনৰ কয় পাৰাস্তই ৩৭ ডিগ্রী ছেলচিয়াছ স্পৰ্শ কৰিছে।

এনে পৰিস্থিতিত ভুতৰ ওপৰত দানহ পৰাদি ঘনে ঘনে হোৱা লোডশেডিঙে ৰাইজক জৰ্জৰিত পৰিছে। ২৪ ঘন্টাই বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতিও অসাৰ হৈ পৰিছে।  বছৰটোত দুই-তিনিবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজক ৰামটাঙোন সোধোৱা এপিডিডিএলৰ অদূৰদৰ্শিতা আৰু অকর্মণ্যতা স্পষ্ট হৈছে।

ৰাজ্যখনত বিশ্বৰ নাটনি দূৰ কৰাৰ দায়িত্ব অসম চৰকাৰ আৰু এপিডিচিএলৰ  কিন্তু বিদুৎ যোগানৰ দায়িত্ব পালনত এপিডিচিএল আৰু চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হোৱা বুলি অভিহিত কৰি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ চৰকাৰক দাবী জনায় ৷

Exit mobile version