Protests in Amguri-Galeki Demanding Arrest of Subhalakshi Dutta:নিলম্বিত এএছপি শুভলক্ষী দত্তক গ্ৰেপ্তাৰৰ দাবীত আমগুৰি-গেলেকী বাগিছাত তীব্ৰ প্ৰতিবাদ

tea workers protest

Protests in Amguri-Galeki Demanding Arrest of Subhalakshi Dutta:

নিজৰ চৰকাৰী বাসগৃহত বনকৰা মহিলাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা চৰাইদেউ জিলাৰ সদ্য নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষী দত্তক গ্ৰেপ্তাৰৰ দাবীত আজি জিলা খনৰ গেলেকী মুদিনগৰ চাহ বাগিছা আৰু আমগুৰিৰ লাদৈগড় চাহ বাগিছাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাগিছাৰ শ্ৰমিক-কৰ্মচাৰী কৰ্মীসকলে।

অসম চাহ মজদুৰ সংঘৰ বেনাৰত চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ কেবা’শ চাহ শ্ৰমিকে বৰ্তমান পলাতক অৱস্থাত থকা নিলম্বিত এএছপি শুভলক্ষী দত্তৰ প্ৰতিকৃতি দাহ কৰি অসম আৰক্ষী কাম নাই, গৃহ বিভাগ হায় হায়, অনিমা প্ৰজাক ন্যায় দিয়ক, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

প্ৰতিবাদী শ্ৰমিকৰ দাবী বৰ্তমান আত্মগোপন কৰি থকা নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষী দত্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ লগতে নিৰ্যাতনৰ বলী হোৱা অনিমা প্ৰজাৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক ।

Exit mobile version