Assam Police:পুনৰ খাকী পোছাকত দাগ !

পিঁয়াজ চোৰৰ ৰূপত খাকী পোছাকধাৰী

police

Assam Police:

বজালীত আৰক্ষীৰ ধন দাবী আৰু নাজিৰাৰ আৰক্ষী বিষয়াকাণ্ডই আৰক্ষীৰ পোছাকত দাগ লগোৱাৰ পাছত এইবাৰ আন এক ঘটনাই পুনৰ লজ্জানত কৰিলে অসম আৰক্ষীক ৷

ৰক্ষকেই যেতিয়া ভক্ষকৰ ভূমিকা লয় ৷ তেতিয়া সৰ্বসাধাৰণনে কাৰ ওপৰত ভৰসা কৰিব ৷ বৃহস্পতিবাৰে নিশা ধুবু্ৰী চহৰৰ মাজমজিয়াৰ এটা অঞ্চলত সংস্থাপিত চিচিটিভিত বন্দী হোৱা এক দৃশ্যই পুনৰ সকলোকে ভবাই তুলিছে ৷

উল্লেখ্য যে, যোৱানিশা এম পি ১৭ এইছ এছ৪১৮৩ নম্বৰৰ পিয়াজ বুজাই অনা ট্ৰাক এখন উত্তৰ প্ৰদেশৰ পৰা আহি ধুবুৰী চহৰৰ নুনিয়াপট্টী অঞ্চলৰ ভাটিগোলাৰ উপস্থিত হৈছিল ৷

শুক্ৰবাৰে পুৱা পিয়াঁজ বস্তুাবোৰ নমাবলৈ গৈ প্ৰত্যক্ষ কৰে যে ট্ৰাকখনৰ পিছফালৰ ত্ৰিপালৰ এটা অংশ অংশ ফলা ৷ ইয়াৰ পাছতে নিশ্চিত হয় যে নিশা ট্ৰাক খনৰ পৰা চুৰে লুট কৰি নিছে পিয়াঁজ ৷

আনহাতে ট্ৰাক খন পাকিং কৰি থকা স্থানৰ পৰা কিছু নিলগত এঘৰ লোকৰ গেইটৰ সন্মুখত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি সকলো আচৰিত হৈ পৰে ৷ পিয়াঁজ চুৰিৰ সকলো দৃশ্যৰাজী বন্দী হৈছে চিচিটিভিত ৷

চিচিটিভিত দেখা গৈছে হাতত ছাটি লৈ থকা আৰক্ষীৰ লোক এজনে ত্ৰিপাল ফালি গাড়ীত প্ৰৱেশ কৰি কিছু সময়ৰ পাছত এটা মোনা সহ নামি আহি পৰৱৰ্তী সময়ত নিবিঘ্নে আঁতৰি যায় ৷

ট্ৰাক চালকে সন্দেহ কৰা মতে ট্ৰাকৰ পৰা অন্তত ১০-১৫ কিলোগ্ৰাম পিয়াজ চুৰি কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষীৰ এই চুৰি কাণ্ডক লৈ ধুবু্ৰীত সৰৱ চৰ্চা চলিছে। ধুবু্ৰীৰ সচেতন মহলে সন্দেহৰ আৱৰ্তত থকা আৰক্ষী জনৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কামনা কৰিছে ৷

Exit mobile version