TDP Chief Chandrababu Naidu Arrested In A.P. Skill Development Corruption Case:অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ

আই পিচি আৰু দুৰ্নীতি প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে, ৩৭১ কোটি টকাৰ বিয়াগোম কেলেংকাৰীত জড়িতৰ অভিযোগ নাইডুৰ বিৰুদ্ধে

naidu arrested 2

TDP Chief Chandrababu Naidu Arrested In A.P. Skill Development Corruption Case:

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ সভাপতি চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ চি আই ডিৰ ৷ অন্ধ্ৰ প্ৰদেশ ষ্টেট স্কীল ডেভেলপমেণ্ট কৰ্পৰেশ্যন(এপিএছএছডিচি) ৩১৭ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নাইডুক। প্ৰাক্তন মুখ্যমন্ত্ৰী জনক গ্ৰেপ্তাৰৰ পাছতে বিজয়ৱাড়া জে’ললৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে চি আই ডিয়ে

উল্লেখ্য যে,এই বৃহৎ কেলেংকাৰীত এক নং অভিযুক্ত হিচাপে চি আইডিয়ে চিহ্নিত কৰিছে নাইডুক ৷ আই পিচি আৰু দুৰ্নীতি প্ৰতিৰোধী আইনৰ120(8), 166, 167, 418, 420, 465, 468, 471, 409, 201, 109 r/w 34 & 37 IPC and other sections of the Prevention of Corruption Act, 1988. অধীনত চি আই ডিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰৰ পূৰ্বে কে’বাবাৰো চমন পঠিয়াইছিল যদিও কোনো গুৰুত্বআৰোপ কৰা নাছিল নাইডুৱে ৷

মনকৰিবলগীয়া যে,অন্ধ প্ৰদেশৰ ৰাজনীতিৰ অন্যতম নেতা নাইডুক শণিবাৰে পুৱা ভাগত চিআইডিয়ে নন্দয়ালাত গ্ৰেপ্তাৰ কৰাৰ বিষয়ে টিডিপিয়ে ছচিয়েল মিডিয়া হেণ্ডেলত সদৰি কৰে৷ আনকি গ্ৰেপ্তাৰৰ ভিডিঅ’ও ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে দলটোৱে৷

গ্ৰেপ্তাৰৰ পাছতে অন্ধ প্ৰদেশৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ কৰে টিডিপিয়ে ৷ ঠায়ে ঠায়ে আৰক্ষীৰে হতাহত পৰ্যন্ত হয় টিডি পি ক্ষুব্ধ প্ৰতিবাদকাৰীৰ ৷

শেহতীয়া খবৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ অধিবক্তাই চিআইডিক অৱগত কৰে যে নাইডু ব্লাড প্ৰেছাৰ আৰু ছুগাৰৰ ৰোগী ৷ কিন্ত চিআইডিয়ে অধিবক্তাৰ কথালৈ কোনো গুৰুত্বআৰোপ নিদি পোনে পোনে মেডিকেল পৰীক্ষাৰ বাবে লৈ যায় ৷

নাইডুৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে নাইডুৰ জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চপা হ’ব ৷

Exit mobile version