Assam Police Firing In Maibong:আৰক্ষী- ডিএনএল এৰ মাজত সংঘৰ্ষ

আৰক্ষীৰ গুলীত নিহত শান্তিচুক্তি স্বাক্ষৰকাৰী ডিএনএল এ কেডাৰ,আহত কে'বাজনো

dnla

Assam Police Firing In Maibong:

চৰকাৰৰে শান্তিচুক্তি স্বাক্ষৰকাৰী ডিএনএল এৰ কেডাৰৰ স’তে আৰক্ষীৰ ডিমা হাছাওৰ মাইবঙত বৃহস্পতিবাৰে নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ আৰক্ষীৰ গুলীত থিতাতে নিহত হয় শান্তিচুক্তি স্বাক্ষৰকাৰী ডিএনএল এ কেডাৰ এজন ৷ আহত হয় আন কে’বাজনো কেডাৰ

উল্লেখ্য যে,চৰকাৰৰে শান্তি চুক্তি সম্পন্ন কৰাৰ পাছত অস্ত্ৰবিহীন ভাৱে বৰ্তমান মাইবঙৰ খাছমইপুৰ ডেজিগনেটেড কেম্প কৰি আছিল ডি এন এল এ কেডাৰ সকল৷
বৃহস্পতিবাৰে আৰক্ষীয়ে এই কেম্পতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ অভিযোগ উদ্থাপন কৰে আছিল ডি এন এল এ যুদ্ধবিৰত গোটে ৷

আৰক্ষীৰ দল এটাই প্ৰথমে কেডাৰ কেইজনক ফোন কৰি ডেজিগনেটেড কেম্পৰ বাহিৰলৈ মাতি আনি হঠাতে তেওঁলোকলৈ লক্ষ্য কৰি গুলচালনা কৰে। এই ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় মাইবঙত।

অস্ত্ৰবিহীন ডি এন এল এ কেডাৰৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ডি এন এল এ ডিমা হাচাও জিলা সমিতি সভাপতি সমৰজিত হাফলঙবাৰে। এইয়া কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তিৰ উলংঘন বুলি দাবী কৰে যুদ্ধবিৰত ডি এন এল এ জ্যেষ্ঠ নেতাজনে ৷

ইতিমধ্যে ডি এন এল এ জ্যেষ্ঠ নেতাজনে সমস্ত বিষয়টো অসম চৰকাৰক দৃষ্টিগোচৰ কৰি নিৰ্বিচাৰ গুলীচালনা কৰা আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই ৷

উল্লেখ্য যে,আৰক্ষীৰ গুলীত আহত ডি এন এল এ কেডাৰ কেইজনক ততাতৈয়াকৈ হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

Exit mobile version