Lda Arrested In Sarupeta Circle Office:উৎকোচ লৈ পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

lda arrested in sarupeta

Lda Arrested In Sarupeta Circle Office:

ঘোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পাছতো শিকনি হোৱা নাই একাংশ খকুৱা বিষয়া- কৰ্মচাৰীৰ ৷

যেন কেৰেপেই নকৰে দুৰ্নীতি নিবাৰক শাখাৰ ৷ ঘোচ লোৱাটো এতিয়া একাংশ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এজন ঘোচখোৰ চৰকাৰী কৰ্মচাৰী ৷ বজালীৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌকত আলী নামৰ ঘোচখোৰ কনিষ্ঠ সহায়ক জনে উৎকোচ লৈ থকাৰ সময়তে হাতেলোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

ইতিমধ্যে আটকাধীন কনিষ্ঠ সহায়ক জনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷

Exit mobile version