Narendra Modi Birth day:নৰেন্দ্ৰ মোদীৰ জন্মদিনত উপলক্ষে দেশজুৰি আয়োজন হ’ব “সেৱা পষেক” কাৰ্যসূচী

juri sarma bordoloi

Narendra Modi Birth day:

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষই উন্নতিৰ শিখৰত অৱস্থান কৰিছে। দেশ নিৰ্মাণৰ কাৰণে প্ৰধানমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা কল্যাণকামী আঁচনি তথা পদক্ষেপৰ আধাৰত ভাৰত এতিয়া বিশ্ব গুৰুৰ দিশে আগুৱাইছে ।

নিজৰ সমগ্ৰ জীৱন দেশমাতৃৰ কাৰণে উচৰ্গা কৰা প্রধানমন্ত্ৰী গৰাকীৰ জন্মদিনটো ভাৰতীয় জনতা পার্টিয়ে বিগত কেইবাটাও বছৰৰ পৰা বিশেষভাবে আয়োজন কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে ভাৰতীয় জনতা পাৰ্টিৰ কার্যকৰ্তা সকলৰ সহযোগত এইবাৰো অহা ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ দেশজুৰি ‘সেৱা পষেক‘ কাৰ্যসূচী আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰি মুখপাত্র ড০ জুৰি শৰ্মা বৰদলৈয়ে কয়, অহা ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন দৰ্শন, কৃতিত্বৰ ওপৰত প্ৰতিখন জিলাতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাৰ লগতে “আয়ুষ্মান ভৱঃ” সপ্তাহ কাৰ্যসূচীৰ অধীনত বিভিন্ন অনুষ্ঠান আয়োজন কৰিব।

প্ৰতিখন জিলাত যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰিব। দৰিদ্ৰ লোক সকলৰ বাবে আয়ুষ্মান ভাৰত অভিযানৰ অধীনত কাৰ্ড নিৰ্মাণ কৰি ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰি বিতৰণৰ ব্যৱস্থা কৰিব। বিজেপিৰ কার্যকৰ্তা সকলে নিজ নিজ জিলাত বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰি দৰিদ্ৰ জনসাধাৰণৰ মাজত ঔষধ আদিৰো বিতৰণ কৰিব।

আনহাতে ২৫ ছেপ্তেম্বৰত প্ৰতিটো বুথতে পৰম পূজনীয় পণ্ডিত দীনদয়াল উপাধ্যায় জয়ন্তী আয়োজন কৰিব। ২৬ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈকে দলীয় কাৰ্যকৰ্তা সকলৰ সহযোগত বুথ স-শক্তিকৰণ অভিযানৰ দ্বিতীয় পৰ্ব আৰম্ভ হ’ব। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে ২ অক্টোবৰত মন্দিৰ, বজাৰ আদি ৰাজহুৱা স্থানত স্বচ্ছ ভাৰত কাৰ্যসূচী গ্ৰহণ কৰিব।

ৰাজ্যিক পৰ্যায়ত এই কাৰ্যসূচী তদাৰক কৰিবৰ কাৰণে উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ নেতৃত্বত বিশেষ কমিটি গঠন কৰি দিছে বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰিছে।

আনহাতে বিধানসভাত গৃহীত হোৱা অসম পঞ্চায়ত (সংশোধনী) বিধেয়ক ২০২৩ ক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে বুলি মুখপাত্ৰ গৰাকীয়ে সদৰী কৰিছে। শৰ্মা বৰদলৈয়ে কয়, দেশৰ ৰাজনৈতিক ইতিহাসত এক নতুন ধাৰা সংযোজন হ’ল। এই আইখনে মহাত্মা গান্ধীৰ সপোনৰ গ্ৰাম-স্বৰাজক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ’ব।

Exit mobile version