Srimanta Sankardev:আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি

হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰজনাৰ জন্মস্থান বটদ্ৰৱা থান

batadova

Srimanta Sankardev

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা নামঘৰ – সত্ৰ সমূহত পুৱাৰে পৰা মুখৰিত নাম প্ৰসংগৰ ধ্বনি। গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানটো পুৱাৰে পৰা মুখৰিত হৈ আছে হৰি নামৰ ধ্বনিৰে ৷

উল্লেখ্য যে,প্ৰতিবৰ্ষতে শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিটি গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানত পৰম্পৰাগতভাৱে উদযাপন কৰি অহা হৈছে ‘গুৰু কীৰ্তন’ হিচাপে । এইবাৰো দুদিনীয়াকৈ বটদ্ৰৱা থানৰ গুৰু কীৰ্তন উৎসৱ উদযাপন কৰা হৈছে

পৰম্পৰা অনুসৰি শুক্ৰবাৰৰ পৰা শনিবাৰলৈকে আইসকলৰ নাম, খোল প্রসংগ, দুপৰীয়া নাম প্ৰসংগ, তাল কোবোৱা প্ৰসংগ কাৰ্যসূচীৰ লগতে কণ কণ শিশু সকলে পৰিৱেশন কৰিব ‘ভোজন-বিহাৰ’ নাটক খন ৷

উল্লেখ্য যে,গুৰুজনাই ছকুৰি ভকতক লগত লৈ নামৰ খেলা পতা তথা গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে ।

নামঘৰে নামঘৰে গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন চলিছে। পুৱাই আহি ভক্তসকলে পৰিয়াল মংগলৰ হকে নামঘৰ, সত্ৰত শৰাই-নৈবদ্য আগবঢ়াই সেৱা লয়।

Exit mobile version