Chhath Puja :
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কপিলী নৈৰ ষট ঘাটত উখল মাখল পৰিৱেশ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট পূজা অনুষ্ঠিত কৰা হয়।
উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ যদিও বৰ্তমান দেশৰ সকলো ঠাইতে এই পূজা উদযাপন কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ একেই উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে খেৰণিতো।
হাতে হাতে নৈবদ্য আদি লৈ ষট ঘাটত মা ছট দেৱী আৰু সূৰ্য্য দেৱতাক পূজা অৰ্চনা কৰি অপায় অমংগল দূৰ কৰাৰ বাবে মঙ্গল প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় হিন্দীভাষী প্ৰত্যেকটো পৰিয়ালে।
উল্লেখযোগ্য যে এক শান্তিপূৰ্ণ পৰিবেশৰ মাজেৰে ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰাৰ বিপৰীতে আনন্দ মিলন পূজা সমিতিক পৰিচালনাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ পৰিলক্ষিত হয়।






























