State Government Aims to set Nine Records with the Amrit Vriksha Movement:আজি অমৃত বৃক্ষ আন্দোলনেৰে নটা ৰেকৰ্ড গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ৰাজ্যত একেলগে ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ, জনতা ভৱনত চৌহদত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী হিমন্তহ বিশ্ব শৰ্মাই

amrit biksha 1

ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা কাৰ্যসূচী অমৃত বৃক্ষ

State Government Aims to set Nine Records with the Amrit Vriksha Movement:

আন্দোলনেৰে ৯টা ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে দেওবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰোপণ কৰা হয় ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি।

আনহাতে পুৱাভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত চৌহদত গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কৰিয়ে মুখ্যমন্ত্ৰী শৰ্মাই সম্বোধন এক সংবাদমেল ।

এই সংবাদমেলত তেওঁ কয় যে, ‘‘আজি ৰাজ্য খনৰ বাবে এক উল্লেখযোগ্য দিন। আজি একে লগে ৰাজ্যৰ ভিন ভিন স্থানত ৰোপণ কৰা হ’ব ১ কোটি গছপুলি ৰোপণ।
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৩,২২,৪৪৪ গছপুলি বিতৰণ কৰি অসমে অভিলেখ গঢ়াৰ লগতে বিগত ২৪ ঘণ্টাত ৮.৮১ লাখ গছপুলি ৰোপণ কৰা হয় বুলি সদৰি কৰে।

আজি এই বৃহৎ গছ পুলি ৰোপনৰে অসমে আন এক অভিলেখ স্থাপন কৰিছে। প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ হাতত থকা পূৰ্বৰ অভিলেখ ভংগ অসমে কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ৯ ছেপ্তেম্বৰৰ অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ হয় ৷ এই দিনটোট ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ শাৰী শাৰীকৈ গছপুলি ৰোপণেৰে প্ৰথমটো ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰাৰ বিপৰীতে ১০ ছেপ্তেম্বৰত ৩ লাখ ২২ হাজাৰ গছপুলি বিতৰণেৰে আনটো ৰেকৰ্ড গঢ়াৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰে।

১১ ছেপ্তেম্বৰৰ দিনা জাপানৰ ৰেকৰ্ড ভংগ কৰি ইউটিউৱত পৰিৱেশ বহনক্ষম বিষয়ত পোনপটীয়া সম্প্ৰচাৰৰ ৰেকৰ্ডৰ আন এক চেষ্টা চলায় অসম চৰকাৰে ৷একেদৰে পাকিস্থানৰ হাতত থকা বিশ্ব ৰেকৰ্ড অসমে ভংগ কৰি ২৪ ঘণ্টাত ৮ লাখ ৮১ হাজাৰ গছপুলি ৰোপণ কৰে।

ইয়াৰোপৰি ছয় লাখ ৩২ হেজাৰ গছপুলিৰে মাৰ্ঘৰিটাত অসমৰ মেপখনৰ এখন ছবি উপস্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ ইয়াত .৮৫ হেক্টৰ ভূমিত ৰোপণ কৰা উল্লিখিত পৰিমাণৰ গছ পুলি

আনহাতে ১ ঘণ্টাত ৩.৩১ লাখ গছপুলি ৰোপণ কৰি অভিলেখৰ দিশে আগবাঢ়ে অসম।অমৃত বৃক্ষ আন্দোলনৰৰ জৰিয়তে বৃহৎ বৃক্ষৰোপণ কাৰ্যসুচীত ৰাজ্য খনৰ ৭০ লাখ লোকক অন্তভূক্ত কৰাবলৈ চৰকাৰ সক্ষম হয় বুলি সদৰি কৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ‘‘গছপুলি ৰোপণ কৰি পৰিৱেশৰ প্ৰতি এক মৰম সৃষ্টি কৰিব বিচাৰিছো। আজি ৭০ লাখ পৰিয়ালক এই আন্দোলনত যোগদান কৰাবলৈ সক্ষম হৈছো।’’

স্মতৰ্ৱ্য যে ৰাজ্য চৰকাৰে অহা বছৰত ৫ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি দেওবাৰে ৰোপণ কৰা গছ পুলিসমূহৰ তিনি বছৰ পিছত ফটো সংগ্ৰহ কৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

তদুপৰি মুখ্যমন্ত্ৰীয়ে ৮০% গছপুলি যাতে সংৰক্ষিত হয় তাৰ বাবে বন বিভাগক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায়।

Exit mobile version