Cyber Criminal Atrested In Kachua:জালিয়াতিৰে চীম কাৰ্ড !

চাৰি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ

kachua

Cyber Criminal Atrested In Kachua:

ক্ৰমাৎ অপৰাধীৰ ঘাটীলৈ পৰিণত হৈছে নগাঁও ৷ নগাঁও আৰক্ষীয়ে শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে জালিয়াতিৰে চীম কাৰ্ড উলিয়াই নানান অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কছুৱা আৰু বটদ্ৰৱাৰ পৰা গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক ৷

উল্লেখ্য যে, কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে সোমবাৰে নিশা গোপন সূত্ৰৰ পম খেদি কচুৱাৰ উজানমাৰীৰ পৰা চাৰিজন দুৰ্ধৰ্ষ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত লোককেইজনৰ পৰা ১৯ টা ম’বাইল হেন্দছেট ,৪৯৫ খন চিমকাৰ্ড জব্দ কৰে আৰক্ষীয়ে ৷

স্মতৰ্ৱ্য যে, আটকাধীন লোককেইজনে জালিয়াতীৰে বিভিন্ন ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰাৰ লগতে জালিয়াতিৰে অ’ টি পি প্ৰস্তুত কৰি চাইবাৰ ক্ৰাইম কৰি আহিছিল সংগোপনে ৷

ধৃত চাইবাৰ অপৰাধী কেইটাৰ নাম বটদ্ৰৱাৰ আমলখিৰ ফাইজুল হক উমৰ ফাৰুক, ছাদ্ধাম আলি আৰু কছুৱা উজানমাৰীৰ আব্দুল ৰহমান ৷

Exit mobile version