Teacher Sexually Assaults Girl Student In Amguri: আমগুৰিত ছাত্ৰীক যৌণ নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী অৱসৰপ্ৰাপ্ত শিক্ষক

teacher arrested

Teacher Sexually Assaults Girl Student In Amguri:

গুৰু শিষ্যৰ পবিত্ৰতাত পুনৰ কালিমা সানিলে এজন লম্পট শিক্ষকে ৷ ছাত্ৰীক যৌণ নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় অৱসৰপ্ৰাপ্ত শিক্ষক ৷ এই লজ্জাজনক ঘটনা সংঘটিত হয় আমগুৰি ৷

আব্দুল চাত্তাৰ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনে তেওঁৰ বাসগৃহতে ইংৰাজী বিষয়ৰ টিউচন লয় দুই ভগ্নীয়ে ৷

টিউচনৰ অচিলা লৈ লম্পট শিক্ষকে যৌণ নিৰ্যাতনৰ অভিযোগ কৰে নিৰ্যাতিতা ছাত্ৰী গৰাকীয়ে ৷ এবছৰ আগতে সংঘটিত এই ঘটনা এবছৰে গাপ দি ৰাখিছিল শিক্ষকজনৰ ভয়- ভাবুকিৰ বাবে৷কিন্ত শেহতীয়াকৈ অনুৰূপ ঘটনা সংঘটিত কৰে ছাত্ৰী গৰাকীৰ কনিষ্ঠ ভগ্নীৰ ক্ষেত্ৰতো ৷

অৱশেষত লম্পট শিক্ষকৰ ভয় – ভাবুকিকো নেওচি পিতৃহীনা ছাত্ৰী দুগৰাকীৰ মাতৃয়ে নামটি থানাত এজাহাৰ দাখিল কৰে অভিযুক্ত অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ বিৰুদ্ধে ।

বুধবাৰে নামটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষক বৃত্তিক কলসিত কৰা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল চাত্তাৰক।

Exit mobile version