AJP’s ‘Ek Asom Yatra’ Programme Started:শান্তি-সমন্বয়ৰ বাৰ্তাৰে ধুবুৰীৰ পৰা’এক অসম যাত্ৰা’ৰ কাৰ্যসূচী শুভাৰম্ভ অসম জাতীয় পৰিষদৰৰ

lurinjyoti gogoi

AJP’s ‘Ek Asom Yatra’ Programme Started:

অসম জাতীয় পৰিষদে আজি ধুবুৰী পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয় বাৰ্তাৰে আৰম্ভ কৰে এক অসম যাত্ৰা’ কাৰ্য্যসূচী ৷

কাৰ্য্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে অ.জা.পৰ সভাপতি লুৰীণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলীয় নেতা- কৰ্মীয়ে ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰত এভাগ শৰাই আগবঢ়াই সেৱা লোৱাৰ লগতে ধুবুৰীৰ ঐতিহাসিক শ্ৰীগুৰু তেগ বাহাদুৰ চাহিব গুৰুদ্বাৰত সেৱা জনাই লংগৰ গ্ৰহণ কৰে ৷

জাতীয় পৰিষদৰ সভাপতি সাংবাদিকৰ আগত উল্লেখ কৰে যে পৰিষদৰ উদ্যোগত আজি ধুবুৰীৰ পৰা শদিয়ালৈ যি’এক অসম যাত্ৰা’আৰম্ভ হৈছে ৷ সেইয়া হৈছে শংকৰদেৱ-মাধৱদেৱ গুৰু দুজনাই দেখুৱাই যোৱা শান্তি-সম্প্ৰীতি,একতা তথা সমন্বয়ৰ সংকল্প যাত্ৰা

তিনিটা পৰ্যায়ত হ’বলগীয়া’ এক অসম যাত্ৰা’ত অংশলোৱা পদযাত্ৰী সকলে ক্ৰমানয়ে ইখন জিলাৰ পাছত সিখন জিলা অতিক্ৰম কৰি অৱশেষত উপস্থিত হ’ব শদিয়াত ৷

উল্লেখ্য যে,এক অসম যাত্ৰা’ত অংশ লোৱা পদযাত্ৰী সকলে প্ৰথম পৰ্যায়ত ধুবুৰীৰ পৰা শদিয়ালৈ এই যাত্ৰা কৰি উপস্থিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ধেমাজিৰ পৰা উত্তৰ অসম হৈ মাজুলী,লখিমপুৰ,তেজপুৰ,দৰং,গুৱাহাটী হৈ দক্ষিণ শালমাৰাত উপস্থিত হ’ব।

আনহাতে তৃতীয় তথা শেষ পৰ্যায়ত হোজাইৰ পৰা আৰম্ভ হৈ বৰাকৰ তিনি জিলা অতিক্ৰম কৰি পদযাত্ৰা সমাপ্তি  হ’ব ।

প্ৰায় ডেৰ-দুমাহ ধৰি এই যাত্ৰা অৱ্যাহত থাকিব বুলি সদৰি কৰে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে ৷

Exit mobile version