Indian Government Cancels Visa Service Of Canadian Citizen:
ক্ৰমাৎ অধিক অৱনতি ঘটিছে ভাৰত-কানাডাৰ সম্পৰ্কৰ ৷ সুদীৰ্ঘ দিনে ইউৰোপীয়ান দেশখনৰে ভাৰতৰ থকা অগাধ বন্ধুত্ব জটিল কৰি তোলে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৷
খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে কানাডিয়ান প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰি বহু অভিযোগ আনে ৷
ইয়াৰ পাছতে গৰজি উঠে ভাৰত ৷ লগে লগে দুয়োখন দেশৰ সংঘাত আৰম্ভ হয় ৷ বিবাদ হৈ পৰে তীব্ৰতৰ ৷
আনহাতে এনে বিবাদ ঘৰ্ণীভূত হোৱাৰ মাজত ভাৰত চৰকাৰে লয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সেই অনুসৰি ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কানাডিয়ান নাগৰিকৰ ভিছা সেৱা বাতিল কৰে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে ৷ অনির্দিষ্ট কাললৈ বন্ধ কৰা হৈছে এই ভিছা সেৱা ৷
মনকৰিবলগীয়া যে,যোৱা তিনিদিন ধৰি দুয়োখন দেশৰ কুটনৈতিক সম্পৰ্ক বিঘ্নিত হয় ৷ আনকি কানাডা চৰকাৰে ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰে ৷ ইয়াৰ প্ৰতিষোধ স্বৰূপে ভাৰতেও দিল্লীস্থ কানাডিয়ান দূতাবাসৰ জ্যেষ্ঠ কুটনীতিবিদজনক পাঁচ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷
উল্লেখ্য যে,বিগত কেইবছৰ মানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে কানাডিয়ান প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে তিনি সন্তান সহ সপত্নীক ভাৰত ভ্ৰমণ কৰিছিল ৷
শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনতো ভাগ লৈছিল কানাডিয়ান প্ৰধানমন্ত্ৰীজনে ৷