Jd(s) Join Nda:বিৰোধী দলৰ ইণ্ডিয়াত মোক্ষম আঘাত !

এন ডিএৰ অংশীদাৰ হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জে ডি এচ

kumarsami

Jd(s) Join Nda:

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি তথা এন ডি এক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ উদ্যোগত গঠন কৰা হৈছিল বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’৷

য’ত অংশীদাৰ হৈছিল কংগ্ৰেছ,ডিএম কে,টিএম চি আৰজে ডি,জেডি ইউ,আপ,নেচনেল কনফাৰেন্স,প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জে ডি এচ সহ সৰু বৰ বহু কেইটা সংগঠন ৷

ইতিমধ্যে বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ই দেশৰ সৰ্বত্ৰে বিজেপিৰ বিৰুদ্ধে কেতবোৰ কাৰ্যসূচী লোৱাৰ প্ৰস্তুতি চলাই থাকোতে ‘ইণ্ডিয়াৰ অন্যতম অংশীদাৰ কৰ্ণাটকৰ শক্তিশালী ৰাজনৈতিক দল ,প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জে ডি এচ দল চামিল হয় বিজেপি নেতৃত্বাধীন এন ডিএত ৷

শুক্ৰবাৰে জে ডি এচৰ জ্যেষ্ঠ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে নতুন দিল্লীত হঠাতে সাক্ষাৎ কৰে গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক ৷

দুই বিজেপিৰ শীৰ্ষ নেতাৰ স’তে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীক এন ডি এ লৈ উস্ম আদৰণি জনায় জে পি নাড্ডাই ৷

উল্লেখ্য যে,শেহতীয়াকৈ আপৰ স’তেই ব্যৱধান বৃদ্ধি পাইছে ইণ্ডিয়াৰ ৷ কিয়নো মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰথম খন তালিকা আপে প্ৰকাশ কৰিছে ৷

য’ত নেকি অধিকাংশ সমষ্টি কংগ্ৰেছৰ শক্তিশালী ভেটি থকা বিধানসভা সমষ্টি ৷ কংগ্ৰেছৰ স’তে আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাক লৈ আপৰে সংঘাত বৃদ্ধি পায় কংগ্ৰেছৰ ৷

আনহাতে কিছুদিন পূৰ্বে পজ্ঞাৱ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজাই পজ্ঞাৱৰ আটাইকেইখন লোকসভা আসনতে কংগ্ৰেছে প্ৰতিদ্বন্দ্ব্বিতা কৰিব বুলি ঘোষণা কৰাক লৈ ক্ষুন্ন হৈ পৰে পজ্ঞাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান ৷

পজ্ঞাৱৰ শাসনত থকা আপে ৰাজ্য খনৰ আটাইকেইখন সংসদীয় আসনত প্ৰাৰ্থী দিয়াৰ বাবে ইতিমধ্যে প্ৰাৰ্থী বাচনি আৰম্ভ কৰিছে ৷

এইদৰেই এতিয়া ‘ইণ্ডিয়াত আপ সহ আন কে’বাটাও দলে টিকট কেন্দ্ৰীক বিষয়ক লৈ সংঘাত বৃদ্ধি পাইছে কংগ্ৰেছৰ ৷

Exit mobile version